দেওবাৰে নাগালেণ্ডৰ প্ৰাক্তন মন্ত্ৰী টি কিকনৰ ৱোখা জিলাৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্য়ুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ।
কিকন প্ৰথমবাৰৰ বাবে ১৯৬৪ চনত এনএনঅ’ৰ টিকটত ৱাখা জিলাৰ ভাণ্ডাৰী সমষ্টিৰ পৰা নাগালেণ্ড বিধান সভালৈ নিৰ্বাচিত হৈছিল। ছয়বাৰৰ বিধায়কজনে হোকিছে চেমা আৰু জে বি জাচোকি চৰকাৰত দুবাৰকৈ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবি আৰু মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই প্ৰাক্তন বিধায়কজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
ৰবিয়ে তেওঁৰ শোক বাৰ্তাত কয়, ”নাগালেণ্ডৰ অন্যতম প্ৰতিষ্ঠাপক পিতৃ টি কিকনৰ মৃত্যুত মই গভীৰভাৱে দুখিত। তেওঁ ৰাজ্যখনৰ লোকসকলক অন্তৱৰ্তীকালীন সংস্থাৰ সদস্য হিচাপে আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিচাপেও সেৱা আগবঢ়াইছিল। কিকন এজন মহান দূৰদৰ্শী নেতা আছিল আৰু তেওঁ উত্তৰ-পূবৰ ৰাজ্যখনৰ জনসাধাৰণৰ বাবে এক শান্তিপূৰ্ণ আৰু সমৃদ্ধ ভৱিষ্যত গঢ়ি তোলাৰ বাবে নিস্বাৰ্থভাৱে কাম কৰিছিল।”