লাইলাপুৰ ঘটনাক লৈ গৰ্জিছে অসম। অসম-মিজোৰাম সীমান্তৰ সংঘাটত আহত কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক চন্দ্ৰকান্ত বৈভৱ নিম্বলকাৰক সংকটজনক অৱস্থাত বায়ুসেনাৰ বিশেষ বিমানেৰে মুম্বাইলৈ প্ৰেৰণ কৰে।
আৰক্ষী অধীক্ষকগৰাকীৰ ভৰিত গুলী লগাৰ ফলত তেওঁৰ ভৰিখনত এক মেজৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ব। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিলচৰত উপস্থিত হৈ আঘাতপ্ৰাপ্তসকলৰ পৰিস্থিতিৰ বুজ লৈছে।