উত্তপ্ত অসম-মিজোৰাম সীমান্ত। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম-মিজোৰাম সীমা বিবাদত শেহতীয়াকৈ হোৱা আক্ৰমণত প্ৰাণ হেৰুওৱা ৫ স্বহীদক শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ পিছতে সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে স্বহীদৰ পৰিয়াললৈ ৫০ লাখ টকাৰ সাহাৰ্য্য আগবঢ়োৱাৰ লগতে পৰিয়ালৰ এজনকৈ সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰোপৰি আহত হোৱা ৪২ গৰাকী জোৱানৰ পৰিয়ালক ১ লাখ টকাকৈ প্ৰদানৰ কথা ঘোষণা কৰে।
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়-” আমি শান্তি বিচাৰো। সীমান্তৰ সমগ্ৰ পৰিস্থিতিৰ সম্পৰ্কে মিজোৰামৰ সৈতে আলোচনা কৰা হৈছে যদিও মুখ্যমন্ত্ৰী জ’ৰামথাংগাই শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ কোনো সদিচ্ছা প্ৰকাশ কৰা নাই। মিজোৰাম আৰক্ষীয়ে এতিয়াও অসমৰ মাটি বেদখল কৰি আছে। “