ধেমাজিৰ চিলাপথাৰত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড ভাওনা চাবলৈ মাতি পৰিকল্পিত ভাৱে হত্যা কৰিলে বন্ধুক ।
৩০ মাৰ্চৰ নিশা চিলাপথাৰৰ অন্তৰ্গত ১৭ নম্বৰ ৰে’ল দলংৰ তলত মইনা গগৈ নামৰ যুৱকজনৰ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ।
মৃতদেহ উদ্ধাৰৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় অঞ্চলবাসীৰ মাজত।
জানিব পৰা অনুসৰি মইনা গগৈ(২৮) যুৱকজনক একেখন গাওঁৰে হেমচন্দ্ৰ ফুকন নামৰ বন্ধুজনে ভাওনা চোৱাৰ চলেৰে মাতি নিয়ে।
বন্ধুৰ নিমন্ত্ৰণ ৰক্ষা কৰি যোৱাৰ পিছত হেমচন্দ্ৰ গগৈ কেইজন মান যুৱকৰ সৈতে মিলিত হৈ মইনা গগৈক হত্যা কৰি ৰে’ল দলংৰ তলত মৃতদেহ ওলোমাই থয়।
আৰক্ষীৰ তদন্তৰ পিছতে হেমচন্দ্ৰ ফুকনৰ ঘৰৰ পৰা মইনা গগৈৰ গ্লেমাৰ বাইকখন উদ্ধাৰ হয়।
তাৰ পিছতে হেমচন্দ্ৰ ফুকন আৰু পত্নীয়ে চিলাপথাৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে।
পৰিকল্পিত ভাৱে হত্যা কৰাৰ অভিযোগত আৰক্ষীক উচিত তদন্ত কৰি দোষীক উচিত শাস্তি দিবলৈ আহ্বান জনাইছে অঞ্চলবাসী ৰাইজে।
Photo Credit: Google