মহানগৰবাসীক আৰক্ষীয়ে দিলে সুখবৰ। মহানগৰৰ লোকক সহায় কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ মহানগৰ আৰক্ষী প্ৰশাসন । মহানগৰবাসীৰ সুবিধাৰ্থে আৰক্ষীয়ে মুকলি কৰিছে দুটা বিশেষ হেল্পলাইন নম্বৰ। এতিয়াৰে পৰা যিকোনো বিপদ বা জৰুৰীকালীন সময়ত ফোন কৰি বিশেষ হেল্পলাইন নম্বৰত সহায় লব পাৰিব ৷
এই নম্বৰত ফোন অথবা হোৱাটছএপ কৰি নাগৰিকসকলে যিকোনো অসুবিধাত পৰিলে আৰক্ষীৰ সহায় ল’ব পাৰিব । নম্বৰ দুটাত হোৱাটছএপ মেচেজ, ফটো,কিম্বা লিংক থাকিলেও দিব পাৰিব আৰক্ষীক । ইপিনে এই ক্ষেত্ৰত কোনো কাৰণতে আৰক্ষীয়ে ব্যক্ত নকৰে অভিযোগ দাখিল কৰা ব্যক্তিজনৰ পৰিচয় । সহায়ৰ বাবে মুকলি কৰা হেল্পলাইন নম্বৰ দুটা হৈছে 6026901246 আৰু 6026901247 । আৰক্ষীয়ে জানিবলৈ দিয়া মতে 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব এই দুয়োটা নম্বৰ । সম্প্ৰতি বহু লোকে বিভিন্ন তথ্য প্ৰেৰণ কৰা বুলিও সোমবাৰে সংবাদ মাধ্যমেলযোগে জানিবলৈ দিয়ে মহানগৰ আৰক্ষী আয়ুক্ত হৰমীত সিঙে ৷