নিউজ ডেস্কঃ আজি অসম প্ৰকাশন পৰিষদে ৩৩সংখ্যক গুৱাহাটী গ্ৰন্থমেলাক লৈ এক সংবাদ মেল সম্বোধন কৰে।সংবাদ মেলত উপস্থিত থাকে পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু সচিব প্ৰমোদ কলিতা। ২ বছৰৰ মূৰত অনুষ্ঠিত হ’ব এইবাৰ গ্ৰন্থমেলা। ৩০ ডিচেম্বৰৰ পৰা আৰম্ভ হবলগীয়া গ্ৰন্থমেলা উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে,সন্মানীয় অতিথি হিচাপে থাকিব বিশিষ্ট লেখক ভূতপূৰ্ব ৰাজ্যপাল ত্ৰিপুৰা তথাগত ৰয় লগত উপস্থিত থাকিব শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,অৰুণাচল সাহিত্যিক য়েছে দৰজে ঠংচি। ২০১২ চনৰ পৰা পৰিষদে জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰি আহিছে।২০১৯ চনৰ জীৱনযোৰা সাধনা বঁটা প্ৰদান কৰা হব বিশিষ্ট সাহিত্যিক, অনুবাদক ডঃ থানেশ্বৰ শৰ্মাক আৰু ২০২০ চনৰ বঁটা প্ৰদান কৰা হ’ব বিশিষ্ট ভাষাবিদ ডঃ ৰমেশ পাঠকক।এইবাৰ ১১৭ খন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব তাৰ দিল্লীৰ ৫ খন,কলকাতাৰ ৮ খন,অসমৰ ৯২ খন প্ৰকাশকে অংশগ্ৰহণ কৰিব।বাংলাদেশ চৰকাৰৰো এখন বিশেষ বিপনি থাকিব।গ্ৰন্থমেলাত কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰা হ’ব।১০ তাৰিখৰ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব কুলধাৰ শইকীয়া,সভাপতি অসম সাহিত্য সভা আৰু হিন্দী ভাষাৰ বিশিষ্ট সাহিত্যিক পংকজ মিত্ৰ,আমন্ত্ৰিত অতিথি হিচাপে আহিব তৰেণ বড়ো লগতে থাকিব শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক শিক্ষমন্ত্ৰী ভবেশ কলিতা।গ্ৰন্থমেলাত কোনোধৰণৰ প্ৰৱেশ মূল্য নাথাকে বুলি পৰিষদে জনায়।