১৭ ফেব্ৰুৱাৰীত বন্ধ থাকিব লখিমপুৰ জিলা ।
আলি আয়ে লৃগাঙৰ কাৰণে লখিমপুৰত স্থানীয় বন্ধ ঘোষণা কৰিছে উপায়ুক্ত জীৱন বিয়ে ।
মিচিংসকলৰ জাতীয় উৎসৱ আলি আয়ে লৃগাং ।
অৱশ্যে অসম চৰকাৰৰ অধীনত চলি থকা শিক্ষানুষ্ঠানসমূহৰ লিখিত পৰীক্ষা বাতিল কৰা নহয় ।
একেদৰে সাক্ষাৎকাৰৰ ক্ষেত্ৰতো প্ৰযোজ্য নহয় এই বন্ধ ।
এই কথা সদৰী কৰিছে লখিমপুৰ জিলা প্ৰশাসনে ।
জিলাখনৰ জনসংযোগ বিষয়াই সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰিছে এই কথা ।