এফঅ’জিএছআইৰ সহযোগিতাত প্ৰিভেণ্টবল কাৰ্ভিকেল আৰু স্তন কৰ্কটৰ স্ক্ৰীণিং কেম্প আৰু সজাগতা শিবিৰৰ সৈতে মাৰোৱাৰী হাস্পতালে উদযাপন কৰিলে প্ৰাক্ আন্তৰ্জাতিক মহিলা দিৱস ৷
মাৰোৱাৰী হাস্পতালে ৬ মাৰ্চৰ পৰা ৮ মাৰ্চ তাৰিখলৈ ফেডাৰেচন অব্ অবষ্টেৰিট্ৰিক এণ্ড গায়নক’ল’জিকেল ছ’চাইটীজ অব্ ইণ্ডিয়াৰ সহযোগত প্ৰিভেণ্টেবল কাৰ্ভিকেল আৰু স্তনৰ কৰ্কটৰ এক স্ক্ৰীণিং কেম্প আৰু সজাগতা শিবিৰৰ আয়োজন কৰিছে৷
এই সন্দৰ্ভত অবিএছ আৰু গাইনী বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডাঃ দীপক কলিতাই এই সজাগতা শিবিৰটোক এক সামাজিক সেৱা বুলি অভিহিত কৰে৷
আমি আমাৰ ৰোগীসকলক স্তনৰ কৰ্কটৰ পৰা সজাগতা প্ৰদান কৰিব লাগিব৷
আগতীয়াকৈ হোৱা ৰোগ নিৰ্ধাৰণ আৰু উপযুক্ত চিকিৎসাৰ ফলত এই ৰোগত সফলতা লাভ কৰিব পাৰি৷
সমগ্ৰ ভাৰতৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক৷
উল্লেখযোগ্য যে এফঅ’জিএছআইৰ সদস্যসকলে অতি সফলতাৰে সমগ্ৰ ভাৰততে ৮ মাৰ্চ ২০২০ তাৰিখে মহিলা আৰক্ষী তথা চিআৰপিএফৰ মহিলা জোৱানসকলৰ মাজত কাৰ্ভিকেল আৰু স্তনৰ কৰ্কটৰ সন্দৰ্ভত সজাগতা প্ৰদান কৰিছিল৷
চলিত বৰ্ষতো এফঅ’জিএছআইয়ে ৩৫ৰ পৰা ৬৫ বছৰীয়া প্ৰায় ৫০,০০০ গৰাকী মহিলাৰ মাজত সমগ্ৰ ভাৰততে প্ৰিভেণ্টেবল কাৰ্ভিকেল আৰু স্তনৰ কৰ্কটৰ সজাগতা প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷