উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনী চমুকৈ আৰ পি এফে যাত্ৰীবাহী ৰেল, ৰেল ষ্টেচন, ৰেলৱে পৰিসৰত মানৱ সৰবৰাহকাৰী চক্ৰৰ লগতে যাত্ৰীৰ পৰা সামগ্ৰী চুৰ কৰা চোৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দেই সদৰি কৰা অনুসৰি যোৱা ১৭ মেৰ পৰা ৩১ মেলৈকে দুটা সপ্তাহত আৰ পি এফে বিভিন্ন যাত্ৰীবাহী ৰেল, ৰেল ষ্টেচনকে ধৰি ইয়াৰ পৰিসৰত চলোৱা অভিযানত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা ৪৫ জন নাবালক – নাবালিকা, তিনিজনী মহিলাসহ মুঠ ৪৮ জনক উদ্ধাৰ কৰিছে।
তেনেদৰে যাত্ৰীবাহী ৰেলত যাত্ৰীৰ পৰা মবাইল ফোন, লেপটপ, বেগ চুৰি কৰি সন্ত্ৰাস চলাই অহা ২৯ জন চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰ পি এফৰ অভিযানকাৰী দলটো। চোৰ কেইজনৰ পৰা প্ৰায় ৪.৯৫ লাখ টকা মূল্যৰ মবাইল ফোন, লেপটপ, নগদ ধন উদ্ধাৰ কৰা হয়। গ্ৰেপ্তাৰ কৰা চোৰৰ দলটোৰ বিৰুদ্ধে আইনগত ব্যবস্থা গ্ৰহণৰ বাবে চৰকাৰী ৰেলৱে আৰক্ষীক গতাই দিয়া হয়।