নিৰ্বাচনী প্ৰচাৰৰ বাবে পুনৰ অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷
বৃহস্পতিবাৰে উত্তৰ কৰিমগঞ্জৰ বটগ্ৰামত বিজয় সংকল্প সমাৰোহত ভাগ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
বিয়লী ৩ বজাত নিৰ্বাচনী সভাত উপস্থিত হ’ব নৰেন্দ্ৰ মোদী ৷
মোদীক সংগ দিব মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷
বৰাকৰ ১৫ টা বিধানসভা সমষ্টিৰ ১৪গৰাকী বিজেপিৰ প্ৰাৰ্থী আৰু ১গৰাকী অগপৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
প্ৰায় ৩ লাখ লোকৰ উপস্থিতি আশা কৰা হৈছে এই নিৰ্বাচনী সভাত ৷
প্ৰধানমন্ত্ৰীৰ আগমনক লৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ গঢ়ি তোলা হৈছে বটগ্ৰামত ৷
বটগ্ৰামত বিজয় সংকল্প সমাৰোহত অংশ লোৱাৰ পূৰ্বে ৰহাত এক বিশাল ৰেলীত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৷
প্ৰাপ্ত তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা সপ্তাহত ৭টা নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত অংশ ল’ব ৷
২০ মাৰ্চত চাবুৱাত, ২১ মাৰ্চত বোকাখাত, ২৪ মাৰ্চত বিহপুৰীয়া, ২৮ মাৰ্চত চিলাপথাৰ, ১ এপ্ৰিলত বিজনী আৰু তামুলপুৰত ৩ এপ্ৰিলত নিৰ্বাচনী প্ৰচাৰ চলাব ৷
পূৰ্বেও মোদীয়ে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত তিনিবাৰ অসম ভ্ৰমণ কৰিছে ৷
photo: google