অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ আন্তঃবিষয়ক গৱেষণা সঞ্চালকালয়ৰ অধীনত শুক্ৰবাৰে কৃত্রিম বুদ্ধিমত্তা-বিজ্ঞান আৰু সমাজত ইয়াৰ ব্যৱহাৰৰ ওপৰত এক কৰ্মশালা অনুষ্ঠিত কৰা হয়। কৰ্মশালাখনৰ মূল উদ্দেশ্য আছিল বিভিন্ন উদ্যোগত কৃত্রিম বুদ্ধিমত্তাৰ পৰিৱৰ্তনশীল শক্তিক আলোকপাত আৰু প্ৰত্যক্ষ কৰা। এই কৰ্মশালাই অংশগ্ৰহণকাৰীসকলক কৃত্রিম বুদ্ধিমত্তা আৰু অত্যাধুনিক ক্ষেত্ৰত মৌলিক জ্ঞান আৰু অভিজ্ঞতাৰে সজ্জিত কৰাত সহায় কৰে।
অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ আন্তঃবিষয়ক গৱেষণাৰ সঞ্চালক ডঃ মন ময়ূৰী বৰুৱাৰ আদৰণি ভাষণেৰে কৰ্মশালা আৰম্ভ হয়। তেওঁ আন্তঃবিষয়ক গৱেষণাৰ গুৰুত্ব আৰু সমাজ আৰু বিজ্ঞানৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আনহাতে কম্পিউটাৰ এপ্লিকেচন বিভাগৰ সহকাৰী অধ্যাপক ডঃ অভিজিৎ বৰা আৰু অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিকছ আৰু কমিউনিকেচন ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক ডঃ হেমাশ্ৰী বৰদলৈয়ে কৃত্রিম বুদ্ধিমত্তাৰ মূল গুৰুত্বপূৰ্ণ বিষয়সমূহ উপস্থাপন কৰে।