নিৰ্বাচনৰ মাজতে অসমত পুনৰ চলিছে ক’ৰোনাৰ ত্ৰাস।ভয়াবহ ভাৱে দৈনিক বৃদ্ধি হবলৈ ধৰিছে আক্ৰান্ত সংখ্যা।
কালি ৰাজ্যত ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৫৮ গৰাকী।
ইয়াৰে ডিব্ৰুগড়ৰ ৬ গৰাকী,যোৰহাটৰ ৫ গৰাকী,কামৰূপ মেট্ৰ’ৰ ৩৩ গৰাকী আৰু কামৰূপ গ্রাম্যৰ ৪ গৰাকী ক’ৰোনা আক্ৰান্ত ব্যক্তি বুলি জানিব পৰা গৈছে।
ইফালে বৃহস্পতিবাৰে ৰাজ্যত পুনৰ ক’ৰোনা আক্ৰান্ত হৈ ২ গৰাকীৰ মৃত্যু হৈছে।
বৰ্তমানলৈ অসমত ক’ৰোনা আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫৩৭ গৰাকী।
সেয়েহে বৃহস্পতিবাৰৰ পৰা দেশত ৪০ বছৰৰ উৰ্ধৰ সকলো লোককে ক’ৰোনাৰ প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰা হৈছে।
লগতে চৰকাৰী চিকিৎসালয় তথা স্বাস্থ্যকেন্দ্ৰসমূহত বিনামূলীয়া ক’ৰোনাৰ প্ৰতিষেধক দিয়াৰো ব্যৱস্থা কৰিছে চৰকাৰে।
Photo Credit: Google