পঞ্চদশ অসম বিধানসভাৰ উপাধ্যক্ষ হিচাপে বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিন বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হয় ৷
সোমবাৰে সদনত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উপাধ্যক্ষ হিচাপে ডাঃ মমিন বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱা বুলি ঘোষণা কৰে ৷
উল্লেখ্য যে উপাধ্যক্ষ পদৰ বাবে ডাঃ মমিনৰ সমর্থনত মুঠ তিনিখন মনোনয়ন দাখিল হয় ৷
এখন মনোনয়নত বিজেপিৰ ৰাজ্যিক সভাপতি তথা মন্ত্রী ৰঞ্জিত দাসে প্রস্তাৱক আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্বাক্ষৰ কৰে ৷
আন দুখন মনোনয়নত অগপৰ অতুল বৰা প্রস্তাৱক, কেশৱ মহন্ত সমর্থক, ইউ পি পি এলৰ উর্খাও গৌৰা ব্রহ্ম প্রস্তাৱক, লৰেঞ্চ ইছলাৰীয়ে সমর্থক হিচাপে স্বাক্ষৰ কৰে ৷
ডাঃ মমিনৰ বাহিৰে উপাধ্যক্ষ পদৰ বাবে আন কোনো মনোনয়ন দাখিল নোহোৱাৰ পৰিপ্রেক্ষিতত অধ্যক্ষ দৈমাৰীয়ে তেওঁক বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱা বুলি ঘোষণা কৰে ৷
বিধানসভাৰ নতুন উপাধ্যক্ষ ডাঃ মমিনক বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিৰোধী দলপতি দেৱব্রত শইকীয়া, অগপ বিধায়িনী দলৰ নেতা তথা মন্ত্রী অতুল বৰা, AIUDFৰ আমিনুল ইছলাম, UPPLৰ লৰেঞ্চ ইছলাৰী, বি পি এফৰ দুর্গাদাস বড়ো, চি পি আই (এম)ৰ মনোৰঞ্জন তালুকদাৰ আদিয়ে অভিনন্দন জনায়।
Photo: Google