শুকুৰবাৰে অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। EVM ত বন্দী হ’ব ২০৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইতিমধ্যে নিৰ্বাচনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। মহানগৰীৰ ৫৭ টা ৱাৰ্ডত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে মহানগৰ আৰক্ষীয়েও। ইতিমধ্যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে সম্পূৰ্ণ কৰি তুলিছে নিৰ্বাচনৰ সকলো প্ৰস্তুতি।
৬০ টা ৱাৰ্ডৰ মুঠ ৫৭ টা ৱাৰ্ডত হ’ব নিৰ্বাচন। ৩ টা ৱাৰ্ডত বিনাপ্ৰতিদ্বন্দিতাৰে জয়ী হৈছে প্ৰাৰ্থী। মুঠ ২৫৭টা কেন্দ্ৰত হ’ব ভোটগ্ৰহণ। মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭, ৯৬, ২৫০ গৰাকী। ২ হাজাৰৰ অধিক পুলিং, প্ৰিজাইডিং বিষয়া নিয়োগ কৰা হৈছে। গুৱাহাটীত ৮০টা ভোট কেন্দ্ৰ পৰিচালনা কৰিব কেৱল মহিলাই। এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৯০ গৰাকীয়ে বেলত ভোট দিছে। জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত চলিছে ভোটদান প্ৰক্ৰিয়া।