গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ অধ্যয়ন প্রতিস্থান চমুকৈ আই এ এছ এছ টিত বিগত বছৰৰ দৰে এইবেলিও ২৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদ্যাপন কৰা হয়। প্রতিস্থানটোৰ চৌহদত থকা ভাৰতৰ ন’বেল বঁটা বিজয়ী বিজ্ঞানী ছাৰ চি ভি ৰমনৰ প্ৰতিমূৰ্ত্তিত পুষ্পাঞ্জলী প্রদানেৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে।
এই উপলক্ষে অনুস্থিত চমু অনুস্থানত ভাষণ প্ৰসংগত অধ্যাপক মুখাৰ্জীয়ে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মূলবাণী ‘বিকশিত ভাৰতৰ বাবে থলুৱা প্ৰযুক্তি’ ৰ সম্পৰ্কে বাখ্যা দাঙি ধৰি কয় যে ভাৰতৰ থলুৱা প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা ভাৰতবৰ্ষৰ উন্নতি সাধন কৰা আৰু ইয়াৰ বাবে আগন্তুক দিনবোৰত থলুৱা প্ৰযুক্তিৰ গুৰুত্ব প্ৰদান কৰি বৈজ্ঞানিক তথা অভিযন্তাসকলে কাম কৰি যাব লাগিব। সকলোৱে বৌদ্ধিক বিকাশৰ বাবে একলগ হৈ কাম কৰিব লাগিব। আনহাতে বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি বিজ্ঞান বিষয়ক কুইজ প্রতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে আৰু আই এ এছ এছ টিৰ বৈজ্ঞানিক আৰু গৱেষক ছাত্ৰ-ছাত্ৰী সকলে উদ্ভাৱন কৰা বিজ্ঞান আৰু প্ৰযুক্তিৰ বিভিন্ন উদ্ভাৱন সমূহ বিজ্ঞাপন পত্ৰৰ দ্বাৰা প্ৰদৰ্শন আৰু প্ৰতিযোগিতা অনুস্থিত হয়।