নতুনকৈ আন এক অভিলেখৰ গৰাকী হল অলিম্পিকৰ স্বৰ্ণজয়ী নীৰজ চোপ্ৰাই। জুৰিখত অনুষ্ঠিত ডাইমণ্ড লীগত চেম্পিয়নৰ খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হ’ল নীৰজ চোপ্ৰা। নীৰজে দ্বিতীয়টো প্ৰচেষ্টাতে ৮৮.৪৪ মিটাৰ থ্ৰো কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰে।
India brings home #DiamondTrophy!! @Neeraj_chopra1 becomes the first-ever Indian to win the #DiamondLeague with a throw of 88.44 m in its Finals held at Zurich.
Congratulations on your exemplary win!! pic.twitter.com/vCyqTxotCn
— Dept of Sports MYAS (@IndiaSports) September 9, 2022
টকিঅ’ অলিম্পিকত স্বৰ্ণ জয়, বিশ্ব এথলেটিকছত ৰূপৰ পদক জয়ৰ পিছত এইবাৰ ডায়মণ্ড লীগতো চেম্পিয়নৰ খিতাপ দখল কৰে নীৰজে। নীৰজে চেক গণৰাজ্যৰ জাকুব ভাল্ডজ আৰু জাৰ্মানীৰ জুলিয়ান ৱেবাৰক পৰাস্ত কৰি চেম্পিয়ন হয়।
উল্লেখযোগ্য যে নীৰজ চোপ্ৰাই সামান্য আঘাতৰ বাবে বাৰ্মিংহামৰ কমনৱেলথ গেমছত অংশ ল’ব পৰা নাছিল। জুলাইত বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক পাইছিল নীৰজ চোপ্ৰাই।