পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান ক’ৰোনা পজিটিভ।
তেওঁক ক’ভিড-১৯ৰ ভেকচিনৰ প্ৰথমটো পালি দিয়া হৈছিল।
ক’ৰোনা পজিটিভ পোৱাৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজকে ঘৰতে কোৱাৰাণ্টাইন কৰি ৰাখিছে।
"Pakistan PM Imran Khan (in file photo) tests positive for COVID-19 and is self isolating at home," tweets Special Assistant to the Prime Minister on National Health Services, Regulations & Coordination. pic.twitter.com/et9Q2nxuCi
— ANI (@ANI) March 20, 2021
এই বিষয়ে পাকস্তানৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
চলিত বৰ্ষত পাকিস্তানত অধিক লোক আক্ৰান্ত হৈছে ক’ৰোনাত । শনিবাৰৰ দিনটোত পাকিস্তানত এদিনতে বহু লোক ক’ৰোনাত আক্ৰান্ত হৈছে।
৩,৮৭৬জন লোক এদিনতে আক্ৰান্ত হৈছে।
ইয়াৰ পিছতে দেশখনত সংক্ৰমিত লোকৰ সংখ্যা ৯.৪ শতাংশ হৈছে।
স্বাস্থ্য মন্ত্ৰালয়ে কোৱা অনুসৰি, দেশত এতিয়ালৈ ৬২৩,১৩৫জন লোক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। বিগত ২৪ ঘণ্টাত ৪০জন ৰোগীৰ মৃত্যুৰ পিছত এতিয়া মৃতকৰ সংখ্যা হৈছে ১৩,৭৯৯জন।
Photo: Google