টাটা ইন্সটিটিউট অফ চছিয়েল চাইন্স (TISS)ৰ গৃহ নিৰ্মাণৰ অনিয়মৰ তথ্য আৰু এইক্ষেত্ৰত কিদৰে গুৱাহাটী পৌৰনিগমৰ বিষয়া জড়িত হৈ আছে তাৰ বিষয়ে আমাৰ Headline8 সাংবাদিকে ধাৰাবাহিক ভাৱে অনুসন্ধান চলাই আছে। পৌৰনিগমৰ ফালৰ পৰা আমাৰ সাংবাদিকক RTI কৰিবলৈ কোৱা হৈছিল আৰু তাৰবাবে তেওঁলোকৰ ফালৰ পৰা সকলো তথ্য যোগান ধৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিছিল। কিন্তু বৰ্তমান সেইবোৰ সকলো ফুটুকাৰ ফেনত পৰিণত হ’বলৈ গৈছে, কাৰণ পৌৰনিগমৰ ফালৰ পৰা TISSৰ ফাইল বিচাৰিয়েই পোৱা নাই বুলিহে জনাইছে। দুই- তিনিদিনৰ আগতে টেবুলতেই থকা ফাইল হঠাতে কেনেকৈ হেৰাল? বিশেষ সূত্ৰৰ পম খেদি আমাৰ সাংবাদিকে জানিব পাৰিছে যে, ফাইলটো পৌৰনিগমৰ নিৰ্দিষ্ট বিষয়াৰ হাততেই আছে। অথচ তেওঁ এইয়া নুই কৰিছে।
আনহাতে, বিষয়টোৰ ওপৰত স্মাৰক জাননী এখন ১৩ ডিচেম্বৰ ২০২১ ত জাৰী কৰা হৈছিল, আৰু অতি হাস্যকৰভাৱে জাননীখন পৌৰনিগমৰ আয়ুক্তই ৫ ডিচেম্বৰ ২০২১তেই স্বাক্ষৰ কৰি থৈছিল। অৰ্থাৎ, জাননীখন জাৰী কৰাৰ প্ৰায় ৮ দিনৰ আগতেই আয়ুক্তই স্বাক্ষৰ কৰিছিল। প্ৰকৃততে সাধাৰণ ৰাইজৰ অলক্ষিতে এনেধৰণৰ অনিয়ম বহুদিনৰ পৰাই চলি আছে। ৰাইজৰ প্ৰশ্ন, বিয়াগোম বিষয়াৰ বিয়াগোম দুৰ্নীতিৰ তদন্ত হ’বনে?