“আমি দিনটোত ১২ ৰ পৰা ১৩ ঘণ্টাকৈ কাম কৰিব লাগে। দেওবাৰ, ছুটী, আনকি উৎসৱ পাৰ্বনতো আমাকা কোনোধৰণৰ বন্ধ দিয়া নহয়। মালিকে মোক ১৫০, ১০০ ইউৰো অৰ্থাৎ ৮ হাজাৰৰ পৰা ১৪ হাজাৰ টকা প্ৰতিমাহে দৰমহা হিচাপে প্ৰদান কৰে।”
ইটালীত ভাৰতীয় শ্ৰমিকৰ দুৰ্গতি।
কেনেদৰে কাম কৰে শ্ৰমিকসকলে?
তেওঁলোকে যথোচিত প্ৰাপ্য লাভ কৰেনে?
সততে নিজ দেশৰ পৰা বহিঃৰাজ্যত তথা বিদেশত কৰ্মৰত বুলি ক’লে আমাৰ মনত বেলেগ ধাৰণা উদয় হয়। কিন্তু এই কাহিনী শুনিলে প্ৰতিগৰাকী ভাৰতীয়ৰ গাৰ নোম শিয়ৰি উঠিব। ইটালীত ভাৰতীয় শ্ৰমিকসকলে লাভ নকৰে প্ৰাপ্য উপাৰ্জন। জীৱ-জন্তুতকৈও নিকৃষ্ট তেওঁলোকৰ কৰ্ম জীৱন প্ৰণালী। কৰ্মৰ নামত বাগানৰ মালিকৰ তলতীয়া হৈ দাসৰ দৰে জীৱন কটাবলৈ বাধ্য হয় এইসকল কৰ্মচাৰীয়ে।
দাসত্ব প্ৰথাৰ সম্পৰ্কে আমি সকলোৱে পৰিচিত। পূৰ্বতে ভাৰতকে ধৰি বহুতো দেশত নিম্ন বৰ্ণৰ লোকসকলে উচ্চ বৰ্ণৰ লোকৰ তলতীয়া হৈ অৰ্থাৎ ভৃত্য হৈ কাম কৰাৰ বিষয়ে আমি চিৰ পৰিচিত।
বলবীৰ সিং নামৰ এগৰাকী কৰ্মচাৰীয়ে বছৰ বছৰ ধৰি এখন কাৰাভানত গেছ, গৰম পানী, বিদ্যুৎ নোহোৱাকৈ জীৱন -যাপন কৰিব লগা হৈছিল। ভাৰতীয় কৰ্মচাৰীসকলে মালিকে এৰা এৰেহা খাদ্য গ্ৰহণ কৰিব লাগে। এই ভয়াবহ জীৱন প্ৰণালীৰ পৰা মুক্ত হ’বলৈ তেওঁ এজন অধিবক্তাক সাক্ষাৎ কৰিছিল। এই কথা মালিকপক্ষই গম পোৱাৰ পিছতে বলবীৰক হত্যা কৰি গাঁতত পুতি থোৱাৰ ধমকি দিছিল।
তেওঁক ২০১৭ চনত আৰক্ষীয়ে নৰক সদৃশ কাৰাভানৰ পৰা উদ্ধাৰ কৰে। ইয়াৰ পিছতে দেশজুৰি সামাজিক মাধ্যমত ভাৰতীয় কৰ্মচাৰীসকলৰ হৈ মাত মতাৰ লগতে তেওঁ সজাগতাৰ সৃষ্টি কৰিছিল।
কেৱল সিঙেই নহয় ইটালীৰ লেটিমান নামৰ ঠাইত হাজাৰ হাজাৰ প্ৰবাসী ভাৰতীয় কৰ্মচাৰীয়ে কাম কৰি জীৱন নিৰ্বাহ কৰিছে। লেটিনা কৃষি কাৰ্য, গ্ৰীণহাউছ ফাৰ্মিং আৰু ম’হ পোহাৰ লগতে গাখীৰৰ পৰা খাদ্য নিৰ্মাণৰ বাবে বিখ্যাত।
এই ফাৰ্মসমূহত ১৯৮০ চনৰ মাজভাগৰ পৰা বহুতো ভাৰতীয় কৰ্মচাৰীয়ে কাম কৰি আছে। ২৫,০০০ৰ পৰা ৩০,০০০ শিখ কৰ্মচাৰীয়ে এই ফাৰ্মসমূহৰ চোৱা চিতা কৰাৰ লগতে ফাৰ্মসমূহৰ বাবে কাম কৰে। মাহটোৰ প্ৰায় ২৮ টা দিনতেই তেওঁলোকে কাম কৰিলেহে কৰ্মচাৰীসকল মাহিলী ২০০ৰ পৰা ৩০০ ইউৰো প্ৰদান কৰে।
কিন্তু আইন অনুসৰি এগৰাকী ফাৰ্মত কাম কৰা কৰ্মচাৰীক প্ৰতিঘণ্টাত ১০ ইউৰো অৰ্থৎ ৮৮২ টকাকৈ প্ৰদান কৰিব লাগে। ইতিমধ্যে ইটালীত বহুতো প্ৰবাসী ভাৰতীয় কৰ্মচাৰীয়ে মালিকপক্ষৰ বিৰুদ্ধে মাত মাতি প্ৰতিবাদ সাব্যস্ত কৰিছিল। ২০ দিন পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত আছিল। এই প্ৰতিবাদৰ পিছত এমাহলৈ এই ব্যস্থাত কিছু সাল সলনি আহিছিল। কৰ্মচাৰীসকল প্ৰতিঘণ্টাত কামৰ বিনিময়ত ১০ ইউৰোৰ পৰিৱৰ্তে ৩ ৰ পৰা ৪ ইউৰোকৈ প্ৰদান কৰা হৈছিল।
২০১৮ চনত ইউ এনৰ এক সমীক্ষা অনুসৰি ৪ লাখতকৈ অধিক কৃষি কৰ্মত নিয়োজিত কৰ্মচাৰীৰ ভিতৰত এক লাখতকৈ অধিক কৰ্মচাৰীয়ে মালিকপক্ষৰ অমানৱীয় অত্যাচাৰৰ বলি হৈ আহিছে।
এই তথ্যই ইটালীৰ চৰকাৰৰ বিৰুদ্ধেও প্ৰশ্ন উত্থাপন কৰিছিল। কৃষিক্ষেত্ৰখনত নিয়োজিত হৈ থকা কৰ্মচাৰীসকলে ফাদিল কৰা এই ভয়াবহ তথ্যৰ বিৰুদ্ধে ইটালী চৰকাৰেও বিভিন্ন তদন্ত চলাইছিল। আনহাতে কৰ্মচাৰীসকলে দুখ কষ্ট অনুভৱ নকৰাকৈ দীৰ্ঘসময় ধৰি কাম কৰি থাকিব পৰাকৈ ইটালীৰ চিকিৎসকে ২২২ গৰাকী ভাৰতীয় কৰ্মচাৰীসক চোৰাংভাৱে ১,৫০০ বাকচ নিচাযুক্ত সামগ্ৰী যোগান ধৰাৰ কথা পোহৰলৈ আহিছিল। এই সামগ্ৰীয়ে কৰ্মচাৰীসকলক ভাগৰ নলগাকৈ কাম কৰি থাকিব পৰাকৈ অতিৰিক্ত শক্তিৰ যোগান ধৰিছিল।
অমনদ্বীপ নামৰ এগৰাকী কৰ্মচাৰীয়ে প্ৰকাশ কৰা অনুসৰি কাম কৰিবলৈ যোৱাৰ সময়ত তেওঁ অপিয়ামৰ টুকুৰা এটা মুখত লৈ সন্ধিয়ালৈ কাম কৰে। সন্ধিয়া পুনৰ কাম কৰিবলৈ হিৰ’ইণ গ্ৰহণ কৰে।
তেওঁ এক সাক্ষাৎকাৰত কয় যে – মই দিনটোত ১৩ ঘণ্টাই তৰমুজ চিঙিব লাগে।মই কাম কৰা সাত মাহত মাত্ৰ আধা প্ৰাপ্যহে পালো।
জানিব পৰামতে প্ৰাচীন কালৰে পৰা ইটালী আৰু ভাৰতৰ মাজত ব্যৱসায় সন্দৰ্ভত এক মধুৰ সম্পৰ্ক আছিল। ১৯৯০ চনৰ পূৰ্বেই বহু ভাৰতীয় তথা পাঞ্জাৱৰ লোকে ব্যৱসায় কৰিবলৈ ইটালীলৈ ঢাপলি মেলিছিল। পাঞ্জাৱী লোকসকলে ইটালীত ৰেষ্টুৰেণ্ট, পৰ্যটন বিভাগত খুপনি পুতিছিল। বহুতো প্ৰবাসী ভাৰতীয়ই ইটালীত আইনগতভাৱে বসবাস কৰিবলৈ অনুমতি লাভ কৰিছিল।