ৰাজ্যত কৰ’ণা মহামাৰীৰ বাবে বিয়লি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰিছে। সম্প্ৰতি বহুসংখ্যক লোকে কাৰফিউৰ নিয়ম উলংঘন কৰি সান্ধ্য ভ্ৰমণ কৰিবলৈ যোৱাৰ বাতৰিয়ে আৰক্ষীক সষ্টম কৰি তুলিছিল।
শেহতীয়াকৈ ‘অসমীয়া প্ৰতিদিন’ৰ এক বাতৰিত আৰক্ষীয়ে কাৰফিউ উলংঘনকাৰীসকলক শাস্তি দিয়াৰ হেতুকে বৰঝাৰ গুৱাহাটী বিমানবন্দৰলৈ নি ঘৰলৈ উভতি আহিবলৈ এৰি দিয়া হৈছিল শীৰ্ষক এক ভুৱা বাতৰি প্ৰকাশ কৰিছিল।
এটা প্ৰতিষ্ঠিত সংবাদমাধ্যমে প্ৰকাশ কৰিছে যে গুৱাহাটী আৰক্ষীয়ে দেওবাৰে সন্ধিয়া খোজ কঢ়া লোকৰ এটা দলক গেপ্তাৰ কৰিছিল আৰু তেওঁলোকক সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ জাৰি কৰা কাৰফিউৰ নিয়ম উলংঘা কৰাৰ শাস্তি হিচাপে ১৫-২০ কিলোমিটাৰ দূৰত থকা বৰঝাৰ বিমানবন্দৰৰ ওচৰত এৰি দিছিল।
হেডলাইন৮ -এ অনুসন্ধান কৰি জানিব পাৰিলে যে বাতৰিটো ভুৱা আৰু গুৱাহাটী আৰক্ষীয়ে এতিয়ালৈ তেনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
‘অসমীয়া প্ৰতিদিনে’ সোমবাৰে বাতৰি কাকতৰ গুৱাহাটী শাখাত এটা বাতৰি প্ৰকাশ কৰে যাৰ শিৰোনাম আছিল “গুৱাহাটী আৰক্ষীৰ আইন ভংগকাৰীসকলক শাস্তি দিয়াৰ নতুন উপায়, শতাধিক কাৰফইউ উলংঘনকাৰীক বাছত তুলি দি নমাই দিলে বৰঝাৰত।” বাতৰিটোত কোৱা হৈছে যে গুৱাহাটী আৰক্ষীয়ে দেওবাৰে চহৰৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাজনো সন্ধিয়া খোজ কঢ়া লোকক তুলি লৈ গৈছিল, তেওঁলোকক এখন বাছত ৰাখিছিল আৰু কাৰফিউৰ সময় উলংঘা কৰাৰ শাস্তি স্বৰূপে ঘৰলৈ উভতি যাবলৈ বিমানবন্দৰৰ ওচৰত এৰি দিছিল।
অনুসন্ধান:
হেডলাইন8-এ এই বিষয়ত গুৱাহাটী যানবাহন আৰক্ষীৰ আৰক্ষী উপায়ুক্ত (ডিচিপি) প্ৰঞ্জিত বৰাৰ সৈতে কথা পাতিছিল। বৰাই দাবী খাৰিজ কৰি কয় যে, “গুৱাহাটীত এনে কোনো ঘটনা সংঘটিত হোৱা নাই। এইটো সঁচা যে আমি উলংঘনকাৰীসকলক এখন বাছত তুলি লৈ গৈছিলো, কিন্তু আমি তেওঁলোকক কেৱল জৰিমনা হ্ৰাস কৰিবলৈ আৰু প্ৰক্ৰিয়া অনুসৰণ কৰিবলৈ আৰক্ষী চকীলৈ লৈ গৈছিলো। কিয়নো পথৰ কাষত এনে কৰাটো কঠিন। আমি কোনো উলংঘনকাৰীক বিমানবন্দৰত এৰি দিয়া নাছিলো।”
তদুপৰি, বিমানবন্দৰৰ এলেকাটো আৰক্ষী থানাৰ তত্বাৱধানত অৱস্থিত হোৱাৰ বাবে আমি আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাৰ সৈতেও যোগাযোগ কৰিছিলো।
তেওঁ এই দাবী অস্বীকাৰ কৰি কয়, “এতিয়ালৈকে আজাৰালৈ তেনে কোনো বাছ অহা নাই আৰু অসম আৰক্ষীয়ে তেনে কোনো পদক্ষেপ লোৱাহেঁতেন আমি জানিব পাৰিলোহেঁতেন। এই ভাইৰেল বাতৰিটো ভুৱা।”
উপসংহাৰ:
হেডলাইন৮-য়ে অনুসন্ধান কৰিছিল আৰু পাইছিল যে ‘অসমীয়া প্ৰতিদিন’ৰ বাতৰিটো ভুৱা। গুৱাহাটী আৰক্ষীয়ে তেনে কোনো পদক্ষেপ লোৱা নাই। উলংঘনকাৰীসকলক আৰক্ষী চকীলৈ লৈ যোৱা হৈছিল কিন্তু, বিমানবন্দৰলৈ নহয়।