তালিবানী আগ্ৰাসন আৰু ইয়াৰ বৰ্বৰ স্বৰূপ। কিয় উত্থাপন হৈছে নৰ্থাৰ্ণ এলায়েন্সৰ প্ৰসংগ!
বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছে এটা বাতৰিয়ে। বিয়াৰ বাবে সাজু হৈছে তালিবানী যোদ্ধা। শেহতীয়াকৈ তালিবানী অধ্যুষিত অঞ্চলসমূহত বিয়াৰ পাত্ৰীৰ বাবে যুৱতী আৰু বিধৱা মহিলাৰ তালিকা বিচাৰিছে তালিবানী যোদ্ধাই।
বিবাহৰ বাবে বয়স ধাৰ্য কৰিছে এইসকল যোদ্ধাই
বিবাহৰ পাত্ৰীৰ বয়স ১৫ বছৰতকৈ অধিক হ’ ব লাগিব।
বিধৱা মহিলা হ’লে ৪৫ বছৰৰ অনুৰ্দ্ধৰ হ’ব লাগিব।
বিয়াৰ পিছতে মহিলাসকলক পাকিস্তানৰ ৱাজিৰিস্তানলৈ মুছলমান ধৰ্ম গ্ৰহণ কৰিবলৈ লৈ যোৱা হব।
ইয়াৰ পিছতে আফগানিস্তানৰ মহিলাসকলে ভয়ত ত্ৰস্তমান হৈছে। পিছে এই কথা কোনো নতুন নহয়, ইয়াৰ পূৰ্বেই তালিবানী অধ্যুষিত অঞ্চলসমূহত যৌন দাসী প্ৰথা প্ৰচলিত হৈছিল। পূৰ্বতে ইচ্ছা অনুসৰি তালিবানী সৈন্যই সুন্দৰী যুৱতীসকলক লগত ৰখাৰ উপৰিও পণ্য সামগ্ৰীৰ দৰে অন্যান্য লোকসকলৰ উপভোগৰ বাবে বজাৰত বিক্ৰী কৰিছিল সুন্দৰী যুৱতীসকলক।
সম্প্ৰতি এই প্ৰথা পুনৰ ঘূৰাই অনাৰ মানসেৰে তালিবানী অধ্যুষিত অঞ্চলসমূহত যিকোনো জাতি, ধৰ্মৰ যুৱতীৰ তালিকা বিচাৰি এই কঠোৰ নিৰ্দেশনামা জাৰি কৰিছে। ইয়াৰোপৰি আফগানিস্তান বাসীয়ে দৈনন্দিন জীৱনত পালন কৰিবলৈ কেবাটাও নীতি-নিৰ্দেশনাযুক্ত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে।
তালিবানী যোদ্ধাৰ লগত বিবাহৰ পিছত মহিলাগৰাকীয়ে ধৰ্ম পৰিৱৰ্তন কৰি মুছলমান ধৰ্ম গ্ৰহণ কৰিব লাগিব।
সকলো আফগানী মহিলাই হিজাব পৰিধান কৰাৰ সলনি সম্পূৰ্ণ মুখ ঢাক খোৱাকৈ বস্ত্ৰ পৰিধান কৰিব লাগিব।
মহিলাসকলে কোনো পুৰুষ অবিহনে ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব।
বিদ্যালয়ত মহিলা শিক্ষয়িত্ৰী থাকিলেহে কিশোৰীসকলে বিদ্যালয়লৈ যাব পাৰিব।
তালিবানীসকলে ছাৰিয়া আইন প্ৰণয়ন কৰাৰ পিছতে মহিলাসকলে ঘৰৰ পৰা ওলাই যাবলৈও বিনা অনুমতিত তেওঁলোকে ঘৰৰ পৰা ওলাব নোৱাৰিব।
-‘আমাৰ স্বাধীনতা ঘূৰাই দিয়ক, দাসত্ব জীৱনতকৈ মৃত্যুৱেই শ্ৰেয়!নাৰী কোনো উপভোগৰ সামগ্ৰী নহয়।’
এইসমূহ নিৰ্দেশনাৰ পিছতেই আফগানী মহিলাসকলে জীৱিকাৰ পথো হেৰুৱাব লগা হৈছে।
দেশখনত কেৱল মহিলাৰ বাবেই নহয় পুৰুষৰ বাবেও কটকটীয়া নীতি নিৰ্ধাৰণ কৰা হৈছে। কোনো পুৰুষে দাড়ি খুৰাব নোৱাৰিব আৰু কেৱল জাতীয় পোছাকহে পৰিধান কৰিব পাৰিব।
কোনো লোকে উচ্চস্বৰত গান বজাই শুনিব নোৱাৰিব।
দেশখনত মাংস, নিচাযুক্ত সামগ্ৰী, ড্ৰাগছকে ধৰি সুৰাৰ আমদানি নিষিদ্ধকৰণ কৰিছে।
সকলোৱে প্ৰতিদিনে নামাজ পঢ়াটো বাধ্যতামূলক।
বিগত ২০ বছৰ ধৰি আফগানিস্তান আমেৰিকা আৰু নাটোৰ সেনাৰ দখলত থকাৰ পিছত দেশখনত এই প্ৰথা প্ৰায় বিলুপ্তি ঘটিছিল। কিন্তু শেহতীয়াকৈ আমেৰিকাই আফগানিস্তানত থকা মাৰ্কিন সৈন্যসকলক প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। মাৰ্কিন সেনাসকল স্বদেশলৈ উভতি অহাৰ পিছতে আফগানিস্তানত অত্যাধুনিক ভালেমান অস্ত্ৰ-শস্ত্ৰ এৰি থৈ আহিবলগীয়া হৈছিল। পৰৱৰ্তী সময়ত তালিবানী সৈন্যৰ হাতত অস্ত্ৰ শস্ত্ৰসমূহ পৰাৰ পিছতেই অধিক সক্ৰিয় হৈ পৰে।
ইতিমধ্যে তেওঁলোকে কান্দাহাৰ জিলা দখল কৰি কাবুল পাৰ হোৱাৰ পিছত আফগানিস্তানৰ উত্তৰাঞ্চলত প্ৰৱেশ কৰেহি। তালিবানীসকলে সম্প্ৰতি আফগানিস্তানৰ অধিকাংশ অঞ্চল অধিগ্ৰহণ কৰে বুলি দাবী উত্থাপন কৰে।
কিন্তু পৰৱৰ্তী সময়ত তালিবনী সেনাই মধ্য এচিয়া আগ্ৰাসন কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। কাগজাখাস্তানত তালিবানী সেনাই আক্ৰমণ কৰাৰ পিছতেই পাক আগ্ৰাসী জম্মু কাশ্মীৰৰ একাংশ অধিগ্ৰহণ কৰাৰ আশংকা কৰিছে। এই আশংকাৰ পূৰ্বানুমান কৰিয়েই ইতিমধ্যে ৰাছিয়া সীমান্তত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।
নৰ্থাৰ্ণ এলায়েন্সকো সমৰ্থন কৰিবলৈ অমান্তি হয় ৰাছিয়াই। এই নৰ্থাৰ্ণ এলায়েন্স অথবা উত্তৰাঞ্চল মৈত্ৰী হৈছে তালিবানৰ বিৰুদ্ধে যুঁজ দিয়াৰ জন্ম হোৱা এক সামৰিক বাহিনীৰ সংস্থা। ১৯৯৬ চনত তালিবানে কাবুল অধিগ্ৰহণ কৰাৰ পিছত আহমদ শ্বাহ মাছুদৰ তত্বাৱধানত এই সংস্থাটোৱে তালিবানী চৰকাৰৰ বিৰোধিতা কৰিছিল। ভাৰত, ইৰাণ, ৰাছিয়া,তুৰ্কী, তাজকিস্তানকে ধৰি বহুকেইখন দেশে ইয়াক সমৰ্থন কৰিছিল।