অসমত ২ অক্টোবৰৰ পৰা ১ লিটাৰৰ তলত পানীৰ বটল বিক্রী কৰাটো নিষিদ্ধ। এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত। ইয়াৰোপৰি শুকুৰবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে ৰাজ্য চৰকাৰে। এক সংবাদমেল যোগে কেবিনেটৰ সিদ্ধান্তসমূহ ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
সিদ্ধান্ত মৰ্মে জলসম্পদ বিভাগে ৭২ কিঃমিঃ মথাউৰি নিৰ্মাণৰ বাবে ২০৯৭ কোটি টকা ঋণ ল’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এছিয়ান ডেভলেপমেণ্ট বেংকৰ পৰা ল’ব এই ঋণ। আন এক সিদ্ধান্ত মৰ্মে অসম চৰকাৰৰ অৱসৰপ্রাপ্ত কিছু বিষয়াক নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বিভাগীয় অনুসন্ধান কৰাৰ বাবে অৱসৰপ্ৰাপ্তসকলক তদন্ত বিষয়া হিচাবে নিযুক্তি দিয়া হ’ব।
উল্লেখ্য প্রতিটো গোচৰৰ তদন্তৰ বাবদ বিষয়াসকলক ১ লাখ টকা পাৰিশ্ৰমিক দিব ৰাজ্য চৰকাৰে। ইপিনে বিজুলী ব’ৰ্ডক ২৬৫ কোটি ৰাজ সাহায্য দিয়াৰো সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ। গুৱাহাটীৰ পানী যোগান সম্পূৰ্ণ কৰিবৰ বাবে L&Tক দায়িত্ব দিয়াৰ কথাও সংবাদ মাধ্যমত অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তদুপৰি জি এম ডি এৰ পৰিৱৰ্তে এই আঁচনি দিয়া হ’ব জল বোৰ্ডক।