সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এতিয়া জোৰদাৰ চলিছে প্ৰচাৰ অভিযান।
কি বিজেপি, কি কংগ্ৰেছ, কি অজাপ, কি ৰাইজৰ দল, এতিয়া প্ৰতিটো দলৰ প্ৰচাৰ অভিযান তুংগত।
প্ৰচাৰ অভিযানৰ উদ্দেশ্যৰে বৰ্তমানলৈ ৩ বাৰকৈ অসম ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
পুনৰ ২০ মাৰ্চত আহিব প্ৰধানমন্ত্ৰী নৰেন্দ মোদী।
ইফালে বিজেপিয়ে মুকলি কৰিছে অসমৰ ‘ষ্টাৰ কেম্পেইনাৰ’ৰ তালিকা।
কোন কোন আছে এই ‘ষ্টাৰ কেম্পেইনাৰ’ৰ তালিকাত?
১. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
২. বিজেপিৰ সভাপতি জগৎপ্রকাশ নড্ডা(জে পি নড্ডা)
৩. কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ
৪. প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
৫. কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী
৬. কেন্দ্ৰীয় মন্ত্ৰী তথা নিৰ্বাচনী প্ৰভাৰী নৰেন্দ্ৰ সিং টোমৰ
৭. উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ
৮. কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী
৯. কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডা
১০. মুখতাৰ আব্বাছ নাকভী
১১. কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং
১২. সাধাৰণ সম্পাদক বি. এল, সন্তোষ
১৩. কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ
১৪. উপ-সভাপতি বৈজন্ত জয় পাণ্ডা
১৫. সাংসদ দিলীপ শইকীয়া
১৬. বিহাৰৰ কেবিনেট মন্ত্ৰী শ্বাহ নৱাজ হুছেইন
১৭. সাংসদ পুনম মহাজন
১৮. মধ্যপ্ৰদেশৰ বিজেপি সাংসদ তথা অভিনেতা মনোজ তিৱাৰী
১৯. সাংসদ ৰবি কিষাণ
২০. সাংসদ লকেট চেটাৰ্জী
অসমলৈ ‘ষ্টাৰ কেম্পেইনাৰ’ হিচাপে প্ৰচাৰ চলাবলৈ আহিব এই ২০জন বিজেপি নেতা।
Photo: Google