যোৰহাটৰ সাংসদ তপন গগৈ দ্বিতীয়বাৰৰ বাবে ক’ৰোনাত আক্ৰান্ত।
নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে সাংসদগৰাকী ক’ৰোনাত আক্ৰান্ত বুলি জানিব পৰা যায়।
দৰাচলতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাবুৱাত প্ৰচাৰ অভিযান চলাব আৰু ইয়াৰ বাবে যিসকল লোক সভাত অংশগ্ৰহণ কৰিব সেই লোকসকলৰ ক’ভিড পৰীক্ষা কৰোৱা হয়।
আৰু সেই সময়তে সাংসদগৰাকীৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ।
কিন্তু সাংসদগৰাকীৰ দেহত কভিড সম্পৰ্কীয় কোনো ধৰণৰ লক্ষণ দেখা হোৱা নাছিল।
এইবাৰৰ সৈতে তেওঁ দ্বিতীয়বাৰৰ বাবে আক্ৰান্ত হয় ক’ৰোনাত।
পূৰ্বে ২০২০ বৰ্ষৰ ২ ছেপ্তেম্বত তেওঁৰ দেহত ধৰা পৰিছল ক’ৰোনা ভাইৰাছ।
সাংসদগৰাকী বৰ্তমান সোনাৰিৰ বাসগৃহত হোম কোৱাৰেণ্টাইনত আছে।
ইফালে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সমগ্ৰ দেশতে পুনৰ ক’ৰোনাই লৈছে ভয়াৱহ ৰূপ।
অসমৰ লগতে বিভিন্ন ৰাজ্যত বাঢ়িছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
ইয়াৰ পৰিপ্ৰেক্ষিততে প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰিছে এক জাৰি কৰিছে নিৰ্দেশনা মাস্ক পৰিধানৰ ক্ষেত্ৰত।
Photo: Google