বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ ভিতৰে-বাহিৰে প্ৰায় ১০ হাজাৰ গছ আৰু ফুলৰ পুলি ৰোপণৰ ব্যবস্থাৰে এক সেউজ পৰিবেশ গঢ়ি তোলাৰ পৰিকল্পনা আৰম্ভ কৰা হৈছে। সেই উপলক্ষ্যে ফুল আৰু গছ-গছনিৰ বিশেষজ্ঞও নিয়োগ কৰা হৈছে।
বিশেষজ্ঞৰ পৰিকল্পনা অনুযায়ী, এই ফুল আৰু গছ ৰোপণৰ সময়-সীমা দুটা পৰ্যায়ত ভাগ কৰা হৈছে। প্ৰথম পৰ্যায়ত কম সময়ত ফুলা ঋতুগত ফুলবোৰ ৰোপণ কৰা হ’ব। বৰ্তমান ১০ হাজাৰ সৰু-ডাঙৰ গছ, বিভিন্ন স্থানীয়, দেশী-বিদেশী ফুল গছ, বাঁহ গছ, পাম গছ ইত্যাদি ইতিমধ্যে বিমানবন্দৰলৈ কঢ়িয়াই অনা হৈছে। তাৰোপৰি, ৫০০-ত কৈও অধিক ফুলৰ তাবৰ যোগানে বিমান বন্দৰৰ বাহ্যিক আৰু আন্তঃ পৰিবেশ অধিক আকৰ্ষণীয় কৰি তুলিব। বিমানকোঠৰ মুখ্য এলেকাত ৩০০ তকৈও অধিক ফুল দেখা যাব। বাছকবনীয়া ৫৩ বিধ স্থানীয় ফুল ৰোপণৰো ব্যৱস্থা কৰা হৈছে।
এতিয়া বিমানবন্দৰত এন্ঠুৰিয়াম, ব্ৰ’মালিয়াৰ্ডছ, স্পেথিফিলাম, এগলআএনেমা, ক্ৰ’টন বেংলৰ বিউটি, ফিল’ডেনড্ৰ’ন চেইলন ইত্যাদি বিদেশী ফুলৰ প্ৰজাতি দেখা পোৱা যাব। তদুপৰি পাম গছ বিভিন্ন প্ৰজাতি যেনে এৰেকা পাম, ৰাফিছ পাম, চাইনা ডল, ইউজেনীয়া ইত্যাদি বহুজাতিক গছে বিমান কোঠৰ সৌন্দৰ্য অধিক আকৰ্ষণীয় কৰি তুলিব বুলি আশা প্ৰকাশ কৰা হৈছে।