দূৰণিবটীয়া স্থানলৈ যদি যাবলৈ পৰিকল্পনা কৰিছে তেন্তে দেৰি নকৰিব।
কাৰণ ২৭ জানুৱাৰীৰ পৰা অচল হ’ব ৰাজ্য়ৰ বাছ, ট্ৰেকাৰ, অট’ৰিক্সা আৰু ই-ৰিক্সাৰ চকা।
মটৰ চালক আৰু কৰ্মচাৰীসকলৰ অসুবিধাৰ প্ৰতি চৰকাৰে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে মটৰ পৰিবহন সন্থাই।
যাৰ বাবে ২৪ ঘণ্টাৰ বাবে চকা বন্ধ ঘোষণা কৰিছে মটৰ পৰিবহন সন্থাই।
লকডাউনৰ সময়ছোৱাত যান-বাহনসমূহ বন্ধ হৈ আছিল, কিন্তু সেই সময়তো চৰকাৰে কোনোধৰণৰ সাহায্য লাভ নকৰাৰো অভিযোগ উত্থাপন কৰিছে চালক আৰু কৰ্মচাৰীসকলে।
এই অভিযোগৰ ভিত্তিতে ২৭ জানুৱাৰীৰ পৰা ২৪ ঘণ্টীয়া চকা বন্ধ ঘোষণা কৰিছে মটৰ পৰিবহন সন্থাই।
ইয়াৰোপৰি ১২ আৰু ১৩ ফেব্ৰুৱাৰীত ৪৮ ঘণ্টীয়া চকা বন্ধৰো আহ্বান জনাইছে।
যদি ইয়াৰ পিছতো চৰকাৰৰ তৰফৰ পৰা কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নহয় তেন্তে পুনৰ ২৫, ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত ৭২ ঘণ্টীয়া চকা বন্ধ ঘোষণা কৰিব।
Photo: Google