উৎকট গৰমৰ পিছত ৰাজ্যবাসীয়ে কিছু পাব সকাহ। আজিৰে পৰা ৰাজ্যত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা। অৱশ্যে আজি পুৱা হোৱা এজাক বৰষুণে চুই গ’ল ৰাজ্যক।
আনহাতে দেওবাৰলৈ ৰাজ্যৰ বিভিন্ন স্থানত হ’ব পাৰে বৰষুণ।
গুৱাহাটী মহানগৰীত ২৬ লৈ নামিব পাৰে তাপমাত্ৰা।
কেৱল গুৱাহাটীতেই নহয়, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ, লখিমপুৰ আদি ঠাইতো বৰষুণৰ সম্ভাৱনা যথেষ্ট।
বুধবাৰে সাগৰীয় ঘূৰ্ণী বতাহ য়াচে ওড়িশাৰ বিভিন্ন প্ৰান্তত প্ৰতি ঘণ্টাত ১৮৮ বেগত ধুমুহা হ’ব পাৰে বুলি আশংকা কৰিছে বতৰ বিজ্ঞানীসকলে। ফলত ৰাজ্য়তো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনাই যথেষ্ট।
Photo: Google