• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চোৰাংচোৱা! সঞ্জীৱ শৰ্মা আৰু ধনজিত দাসক মৃত্যুদণ্ড আলফা স্বাধীনৰ

Leena Gogoi by Leena Gogoi
May 7, 2022
in ৰাজনীতি, অসম
1 min read
0
চোৰাংচোৱা! সঞ্জীৱ শৰ্মা আৰু ধনজিত দাসক মৃত্যুদণ্ড আলফা স্বাধীনৰ
Share on FacebookShare on Twitter

চোৰাংচোৱাগিৰিৰ অপৰাধত আলফা স্বাধীনৰ চৰম সিদ্ধান্ত। ধনজিত দাস আৰু সঞ্জীৱ শৰ্মাক মৃত্যদণ্ডৰে দণ্ডিত। আলফা স্বাধীনে সদৰি কৰিছে এই তথ্য। আলফা স্বাধীনে প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিত লিখিছে-


এই জাননীৰ জৰিয়তে অসমৰ মুক্তিকামী জনগণৰ লগতে ‘সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)’ তথা ইয়াৰ অধীনস্থ ‘সংযুক্ত মুক্তি ফৌজ, অসম (স্বাধীন)”ৰ সমূহ বিষয়া আৰু সদস্য-সদস্যাৰ জ্ঞাতাৰ্থে জনোৱা হ’ল যে সংগঠনৰ ভিতৰত শত্ৰুৰ চোৰাংচোৱাৰ অনুপ্ৰৱেশ বা প্ৰতিবিপ্লৱী সৃষ্টি শত্ৰুৰ প্ৰাচীন ৰণকৌশল। অসমৰ ‘সন্মিলিত জাতীয় মুক্তি বিপ্লৱ’ৰ দীৰ্ঘ পথ পৰিক্ৰমাত এইটো নিশ্চয়কৈ নতুন কথা নহয়। প্ৰতিপক্ষৰ সকলো দুৰভিসন্ধি প্ৰতিৰোধ কৰি সতৰ্কতাৰে আগুৱান হোৱাটোহে প্ৰতিগৰাকী স্বাধীনতা সেনানী কিম্বা থলগিৰি জনগণৰ প্ৰধান দায়িত্ব। আমাৰ সংগঠনৰ উচ্চতম পৰিষদৰ মাননীয় সভাপতি মহাশয়কে ধৰি সকলো খিতাপ অথবা পদবী নিৰ্বিশেষে নতুন সদস্য গৰাকীলৈকে সংগঠনৰ পবিত্ৰ সংবিধানে নিৰ্ধাৰণ কৰি দিয়া শৃংখলা, অনুশাসন, নিয়মাৱলী আৰু পালনীয় আচৰণবিধি হ’ল মুক্তি বিপ্লৱক বলিষ্ঠৰূপত আগবঢ়াই নিয়াৰ বুনিয়াদি ভিত্তি। সংগঠনৰ প্ৰতিটো স্তৰতে ইয়াৰ যথোচিত প্ৰয়োগ আৰু কঠোৰভাৱে পালন কৰি যোৱাটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য। সৱল বিপ্লৱী নৈতিকতাৰে স্বদেশ-স্বজাতিৰ বুৰঞ্জীগত ৰাজনৈতিক অধিকাৰ প্ৰতিষ্ঠাৰ হকে সহযোদ্ধা-সতীৰ্থই কৰা অহোপুৰুষাৰ্থৰ ওচৰত বৈৰী শক্তিৰ যিকোনো গুপ্ত ষড়যন্ত্ৰ অথবা কু-চক্ৰান্ত পৰাজিত হ’বলৈ বাধ্য। সংগঠনৰ ভিতৰত ছদ্মবেশী দেশপ্ৰেমিকৰ ভাও লৈ শত্ৰুৰ শ্ৰুতলিপি মতে সংগঠনক ক্ষতি কৰিব পৰা সংবিধান পৰিপন্থী কাৰ্য্যক জাতিদ্ৰোহী অপৰাধ হিচাপে আমাৰ সংগঠনে জন্মলগ্নৰে পৰা আজিকোপতি গণ্য কৰি আহিছে। এইক্ষেত্ৰত শূন্য সহনশীল নীতি অনাগত দিনটো বাহাল থাকিব।

যোৱা ইংৰাজী ২৪/০৪/২০২২ তাৰিখে দুপৰীয়া প্ৰায় ১২-০০ বজাত নৱাগত সদস্য শ্ৰীধনজিৎ দাস ওৰফে শ্ৰীৰূপক অসম (পিতৃৰ নামঃ- প্ৰয়াত উদ্ধৱ দাস, মাতৃৰ নামঃ- প্ৰয়াত বীণা দাস, গাঁওঃ- বৰপেটা টাউন, ডাকঘৰঃ- বৰপেটা, জিলাঃ- বৰপেটা)এ ‘সংযুক্ত মুক্তি ফৌজ, অসম (স্বাধীন)’ৰ চলমান শিবিৰত বিশেষ অভিযানকালীন সময়ছোৱাত পলায়ন কৰিছিল। কিন্তু ইংৰাজী ২৫/০৪/২০২২ তাৰিখে আমাৰ নিয়মিত পহৰাৰত ভ্ৰাম্যমাণ দল এটাই কৰায়ত্ত কৰিবলৈ সক্ষম হয়। কৰায়ত্ত সদস্যগৰাকীক সংশ্লিষ্ট প্ৰশাসনিক পৰ্য্যায়ত আৰু দায়িত্ববাহী বিষয়াৰ তত্বাৱধানত সোধ-পোছৰ লগতে তৎপৰতাৰে তদন্ত আৰম্ভ কৰাত; শ্ৰীৰূপক অসমে নিজৰ সকলো অপৰাধ তদন্তকাৰী বিষয়াৰ সন্মুখত নিজ মুখে ব্যক্ত কৰাৰ উপৰিও উদ্দেশ্যপ্ৰণোদিতভাৱে চলমান শিবিৰৰ পৰা পলায়ন কৰাৰ আগমুহুৰ্তত কেইবাজনো নতুন সদস্যক প্ৰলোভন দেখুৱাই আত্মসমৰ্পণৰ বাবে উচটনি দিয়াৰ লগতে সংগঠনত যোগদানৰ বাবে যোগাযোগ কৰি থকা সময়ছোৱাৰ ভিতৰত একাংশ আৰক্ষী বিষয়া লগত সংগোপনে জড়িত হৈ আমাৰ সমৰ্থক-শুভাকাংক্ষীক চিনাক্ত কৰি অসম আৰক্ষী বাহিনীৰ হাতত ধৰাই দিয়াৰ লেখীয়া একাধিক গুৰুতৰ অপৰাধৰ কথা অকপটে স্বীকাৰ কৰে।

সেয়ে ইংৰাজী ০৪/০৫/২০২২ তাৰিখে নিম্ন বিচাৰ সদনৰ মুখ্য অধ্যক্ষৰ অধ্যক্ষতাত অনুস্থিত হোৱা বিচাৰ সদনে অভিযুক্ত সদস্যগৰাকীৰ অকপট স্বীকাৰোক্তি আৰু প্ৰমাণিত তথ্যৰ আধাৰত সকলো দিশ নিৰ্মোহ পৰ্য্যালোচনাৰ অন্ততঃ সংগঠনৰ সংবিধানৰ বিচাৰ উপবিধি দফা- ৯ ইউ,পি,চি, (U.P.C.)ৰ অনুচ্ছেদ [গ] অনুসৰি- [১] ষড়যন্ত্ৰমূলক আত্মসমৰ্পণৰ প্ৰচেষ্টা চলোৱা [২] প্ৰতিবিপ্লৱী কাৰ্য্যত জড়িত হোৱা; অনুচ্ছেদ [ঘ] আৰু [ঙ] অনুযায়ী- আত্মসমৰ্পণৰ বাবে উচটনি দিয়াৰ লগতে সহযোগীক বিপথে পৰিচালিত কৰাৰ অপৰাধত মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰা হ’ল ৷ আনকি বিচাৰ উপবিধিৰ বিশেষ অনুচ্ছেদ [১] মৰ্মে- ‘বিশেষ অভিযানকালীন সময়ছোৱাত পলায়ন কৰা সদস্যৰ ওপৰত আৰোপিত মৃত্যুদণ্ডৰ ৰায়’ নিম্ন সদনে বাহাল ৰাখে।

আন এগৰাকী নৱাগত সদস্য শ্ৰীসঞ্জীৱ শৰ্মা ওৰফে শ্ৰীঋষৱ অসম (পিতৃৰ নামঃ- শ্ৰীমুনিন্দ্ৰ শৰ্মা, মাতৃৰ নামঃ- প্ৰয়াত জুনু দেৱী, গাঁওঃ- মুক্তাপুৰ, ডাকঘৰঃ- লোচ, থানাঃ- বাইহাটা চাৰিআলি, জিলাঃ- কামৰূপ(গ্ৰাম্য)]এ ভাৰতীয় দখলদাৰী বাহিনী আৰু একাংশ অসম পুলিচ বিষয়াৰ নিৰ্দ্দেশত ধনৰ লালসাত বৈৰী ৰাষ্ট্ৰৰ চোৰাংচোৱা হিচাপে আমাৰ সংগঠনত যোগদানৰ গইনাৰে সংগঠনৰ আভ্যন্তৰীণ যোগাযোগ ব্যৱস্থা চিনাক্ত কৰি তাত আধুনিক যন্ত্ৰ সংস্থাপনেৰে শত্ৰু পক্ষক খবৰ সৰবৰাহৰ ব্যৱস্থা সুচল কৰি দিয়া আৰু সামৰিক প্ৰশিক্ষণৰ পাছত সংগঠনৰ বিষয়া-সদস্যক হত্যাৰ নিচিনা ঘৃণনীয় গোপন অভিযান পৰ্য্যায়ক্ৰমে কাৰ্য্যকৰী কৰাৰ অভিপ্ৰায়ৰে সদস্যভূক্তি হোৱাৰ কথা নিজ মুখে স্বীকাৰ কৰে। সেয়ে ইংৰাজী ০৫/০৫/২০২২ তাৰিখে নিম্ন বিচাৰ সদনৰ মুখ্য অধ্যক্ষৰ অধ্যক্ষতাত অনুস্থিত হোৱা আন এখন বিচাৰ সদনে সংগঠনৰ সংবিধানৰ বিচাৰ উপবিধি দফা- ৯ ইউ,পি,চি, (U.P.C.)ৰ বিশেষ অনুচ্ছেদ [২] অনুসৰি- দখলদাৰী শত্ৰুৰ হৈ চোৰাংচোৱা কাৰ্যত লিপ্ত থকা তথা গুপ্ত ষড়যন্ত্ৰৰ বিষয়ে নিজ মুখে স্বীকাৰ কৰাৰ পৰিপ্ৰেক্ষিতত এনে গুৰুতৰ অপৰাধত দোষী সাব্যস্তৰে শ্ৰীসঞ্জীৱ শৰ্মা ওৰফে শ্ৰীঋষৱ অসমক মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰা হ’ল ৷
উক্ত সদস্য দুগৰাকীৰ দোষ ক্ষমাৰ অযোগ্য হোৱা হেতুকে নিম্ন বিচাৰ সদনৰ ৰায় অনুসৰি আজি ইংৰাজী ০৭/০৫/২০২২ তাৰিখে এনে অবাঞ্ছিত মৃত্যুদণ্ড বিহা হ’ল।

জাননী প্ৰদানত,

(ব্ৰিগেডিয়াৰ এ.জেদ.শিৰোণাম অসম)
মুখ্য অধ্যক্ষ, নিম্ন বিচাৰ সদন
সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)

Previous Post

এজন ব্যক্তিক এবাৰ নাগৰিক হিচাপে ঘোষণা কৰাৰ পিছত দ্বিতীয় শুনানি গ্ৰহণ কৰা নহয়ঃ গুৱাহাটী উচ্চ ন্যায়ালয়

Next Post

দাম বাঢ়িল! ৫০ টকাকৈ ঘৰুৱা চিলিণ্ডাৰৰ মূল্যবৃদ্ধি

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
Next Post
LPGৰ ৰাজসাহায্য কৰ্তন আৰু মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক সৰ্বহাৰা কৰিছে চৰকাৰে

দাম বাঢ়িল! ৫০ টকাকৈ ঘৰুৱা চিলিণ্ডাৰৰ মূল্যবৃদ্ধি

নিযুক্তিঃ ১৪ মে’ত ২৩ হাজাৰ যুৱক-যুৱতীয়ে লাভ কৰিব অসম চৰকাৰৰ চাকৰি

নিযুক্তিঃ ১৪ মে'ত ২৩ হাজাৰ যুৱক-যুৱতীয়ে লাভ কৰিব অসম চৰকাৰৰ চাকৰি

চেংকন

চেংকন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8