বিগত সময়চোৱাত কামৰূপ মহানগৰ জিলাত সংঘটিত বিভিন্ন পথ-দুৰ্ঘটনাৰ কাৰণসমূহ পৰ্যালোচনা কৰি এইক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ উদেশ্যে কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ এখন জৰুৰী বৈঠক আহ্বান কৰা হৈছে। উল্লেখ্য যে ৰাজ্যত সংঘটিত বিভিন্ন পথ-দুৰ্ঘটনাত বহুজনে অকালতে প্ৰাণ হেৰুওৱাৰ লগতে গুৰুতৰভাৱে আহত হ’বলগীয়া হোৱা ঘটনাত ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, পৰিবহণ সচিব আৰু পৰিবহণ আয়ুক্ত আদিল খানে গভীৰ উদ্বেগ প্ৰকাশ কৰি বিষয়টোক গুৰুত্বসহকাৰে লৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা পৰিবহণ বিভাগসমূহক নিৰ্দেশ দিছে। এই নিৰ্দেশনাৰ ভিত্তিত ১৭ জুনত দিনৰ ১১বজাত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ সভাগৃহত জৰুৰী বৈঠকখনৰ আহ্বান কৰা বুলি সহকাৰী পৰিবহণ আয়ুক্ত আৰু জিলা পথ-সুৰক্ষা সমিতিৰ সদস্য-সচিব গৌতম দাসৰ পৰা জানিব পাৰি৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সমাজৰ সকলো স্তৰতে পথ-সুৰক্ষাৰ ক্ষেত্ৰত ব্যাপক জনসচেতনতা সৃষ্টিৰ বাবে জনোৱা আহ্বানত পৰিবহণ বিভাগে যোৱা সময়চোৱাত গ্ৰহণ কৰা কাৰ্যব্যৱস্থা সমূহ অধিক খৰতকীয়া আৰু ফলপ্ৰসূ কৰাৰ বাবে সভাখনত পথ-সুৰক্ষাৰ লগত জড়িত বিভিন্ন বিভাগসমূহৰ সহযোগত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কামৰূপ মহানগৰ জিলা উপায়ুক্ত আৰু জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া বৈঠকত জিলা প্ৰশাসন, পৰিবহণ, আৰক্ষী, লোক নিৰ্মাণ, স্বাস্থ্য, শিক্ষা, অসম ৰাজ্যিক পৰিবহণ নিগম, ৰাষ্ট্ৰীয় পথ নিৰ্মাণকাৰী সংস্থাৰ লগতে পথ-সুৰক্ষাৰ লগত জড়িত কেইবাটাও বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকিব ৷