উত্তৰ-পূব ভাৰতৰ পৰম্পৰা সমূহৰ সজাগতাৰ বাবে অনুষ্ঠিত এক বৌদ্ধিক অনুষ্ঠান লোকমন্থনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে। ইয়াৰ উপৰিও সন্মানীয় অতিথিৰ ৰূপত উপস্থিত থাকে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে বিশিষ্ট অতিথি ৰূপে।
Honoured to welcome Adarniya Vice President Shri @jdhankhar1 ji, along with Hon Governor Prof @jagdishmukhi ji, at LGBI Airport.
Hon VP will address #Lokmanthan, an intellectual discourse to promote Indian ethos, at Srimanta Sankardev Kalakshetra, Guwahati.
@VPSecretariat pic.twitter.com/ND6AykpAM2
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) September 22, 2022
১৯ ছেপ্টেম্বৰত, লোকমন্থন ২০২২ ৰ যুটীয়া সম্পাদক সুৰঞ্জনা দত্তই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড০ ভূপেন হাজৰিকা পেক্ষাগৃহত অনুষ্ঠিত এক সংবাদ মেলত দিয়া ভাষ্য অনুসৰি লোকমন্থন প্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছিল ২০১৬ চনত ভাৰতৰ পৰা ঔপনিৱেশিক চিন্তা-ধাৰা আতৰাবলৈ। এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৌদ্ধিক কাৰ্যসূচীৰ মূলতে আছিল উত্তৰ-পূব বৌদ্ধিক মঞ্চ আৰু অনুষ্ঠিত কৰিছে অসম পৰ্যটন উন্নয়ন নিগমৰ সহযোগত। ভাৰতৰ লোক পৰম্পৰা সমূহে কিদৰে দেশৰ সাংস্কৃতিক চেতনাক দৃঢ় আৰু শক্তিশালী কৰিব পাৰে এই সন্দৰ্ভত আয়োজন কৰা হৈছে ২০২২ বৰ্ষৰ লোকমন্থন। দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পী, বুদ্ধিজীৱি আৰু শিক্ষাবিদসকলে একত্ৰিত হৈ ভাৰতীয় জাতি সমূহক নিজা নিজা সভ্যতা ৰক্ষাৰ ভুমিকা পালন কৰিবলৈ প্ৰস্তুত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা হৈছে ২০২২ বৰ্ষৰ লোকমন্থন।
ইয়াৰ উপৰিও, ২১ ছেপ্টেম্বৰৰ পৰা ২৪ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব লগীয়া লোকমন্থনত কেইবাখনো আলোচনা চক্ৰ, সাংস্কৃতিক অনুষ্ঠান আৰু প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে সুৰঞ্জনা দত্তই।