নিউজডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ বৰ্ষলৈ ভাৰতৰ প্ৰতিটো অঘৰী পৰিয়ালক পকী আৱাসগৃহ প্ৰদান কৰাৰ লক্ষ্যত উপনীত হ’বলৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভিডিঅ’ কনফাৰেঞ্চিংযোগে লাইট হাউছ প্ৰজেক্ট উদঘাটন কৰে।
নতুন বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইটো প্ৰথমটো অনুষ্ঠান।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই অনুষ্ঠান ভাৰতৰ চহৰত বাস কৰা লোকসকলৰ বাসগৃহ প্ৰদান কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব।
এই প্ৰজেক্টৰ আধাৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মিলি ত্ৰিপুৰা, অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, গুজৰাট, ঝাৰখণ্ড আৰু তামিলনাডুৰ দৰিদ্ৰ লোকসকলক চৰকাৰে সুলভ মূল্যত,
ভূমিকম্প ৰোধ কৰা আৰু শক্তিশালী আৱাসগৃহ প্ৰদান কৰিব।
অনুষ্ঠানটো সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লে যে বৰ্তমান মধ্যমীয়া বৰ্গৰ লোকসকলৰ বাবে বাসগৃহ তৈয়াৰ কৰিবলৈ দেশে লাভ কৰিছে নতুন পদ্ধতি।
এই ৬টা লাইট হাউচ প্ৰজেক্ট ভাৰতক আৱাস নিৰ্মাণ কৰাৰ দিশৰ বাট দৰ্শাব।
প্ৰধানমন্ত্ৰীয়ে ক’লে যে এয়া অপেৰিটিভ ফেডাৰলিজমৰ এটা আদৰ্শ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’লে যে এই লাইট হাউচ প্ৰজেক্ট অত্যাধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা হ’ব।
এয়া যথেষ্ট শক্তিশালী হ’ব আৰু দৰিদ্ৰ লোকসকলে সুবিধাজনক আৰু আৰামদায়ক বাসগৃহ লাভ কৰিব।
প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে এটা সময় আছিল যিটো সময়ত নিৰ্মাণ প্ৰাথমিকতা নাছিল, কিন্তু ইয়াক সলনি কৰা হ’ল।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আৱাস নিৰ্মাণো ‘ষ্টাৰ্ট আপ’ৰ দৰে শক্তিশালী কৰি ৰাখিম।
প্ৰতিদিনে প্ৰস্তুত হ’ব প্ৰায় ৩টাকৈ আৱাসগৃহ
প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে যে লাইট হাউচ প্ৰজেক্টৰ আধাৰত দেশৰ ৬খন চহৰত ৩৬৫ দিনত ১০০০টা আৱাসগৃহ প্ৰস্তুত কৰি তোলা হ’ব।
ইয়াৰ অৰ্থ হ’ল প্ৰতিদিনে প্ৰায় ৩টাকৈ ঘৰ প্ৰস্তুত কৰি তোলা হ’ব।
লগতে তেওঁ ক’লে যে এই প্ৰজেক্টটো বিদেশী পদ্ধতিৰ সহায় লোৱা হ’ব।
Photo Credit: PTI India