কাৰ্বিআংলঙৰ পৰা প্ৰধানমন্ত্ৰী মোডী ৰাওনা হ’ল ডিব্ৰুগড়লৈ। ইতিমধ্যে, কাৰ্বিআংলঙত ৫০০ কোটি ধন ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া কেইবাখনো শিক্ষানুষ্ঠানৰ আধাৰশিলা স্থাপন কৰিলে মোডীয়ে। ডিফুত পশু চিকিৎসা মহাবিদ্যালয়, পশ্চিম কাৰ্বি আংলং জিলাত আদৰ্শ স্নাতক মহাবিদ্যালয় আৰু কৃষি মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে অমৃত সৰোবৰৰ প্ৰকল্পও শুভ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে।
Addressing the ‘Peace, Unity and Development Rally’ in Diphu, Assam. https://t.co/l1UfNfgd9c
— Narendra Modi (@narendramodi) April 28, 2022
আনহাতে ডিব্ৰুগড়ত ১-৪৫ বজাত আৰম্ভ হ’ব প্ৰধানমন্ত্ৰীৰ বিশাল জনসভা। উল্লেখ্য যে, এই সভাত উপস্থিত থাকিব টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটা। ডিব্ৰুগড়ত নিৰ্মাণ কৰা কেঞ্চাৰ হাস্পতাল শুভ উদ্বোধন কৰিব মোডীয়ে। ডিব্ৰুগড়ৰ পৰাই ৰাজ্যৰ আন কেইবাখনো জিলাত নিৰ্মাণ সম্পূৰ্ণ হোৱা কেঞ্চাৰ হাস্পতাল ভাৰ্ছুৱেলী উদ্বোধন কৰাৰ লগতে আন ৭ খন জিলাত নতুনকৈ নিৰ্মাণ হ’বলগীয়া ৭ খন কেঞ্চাৰ হাস্পতালৰ আধাৰশিলাও স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
টাটা ট্ৰাষ্টৰ সহযোগত নিৰ্মাণ কৰা হৈছে এই কেঞ্চাৰ হাস্পতাল কেইখন। টাটা ট্ৰাষ্টে কেঞ্চাৰ হাস্পতালকেইখন নিৰ্মাণৰ বাবে অত্যাধুনিক যন্ত্ৰপাতিসহ আগবঢ়াইছে ৮৩০ কোটি টকা। তদুপৰি অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ সহযোগত ৰাজ্যত মুঠ ১৭ খনকৈ কেঞ্চাৰ হাস্পতাল ৰাজ্যত নিৰ্মাণ কৰিব বুলি জানিব পৰা গৈছে।