অসমত উপস্থিত হ’লহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰীৰ বিশেষ হেলিকপ্টাৰেৰে কাৰ্বিআংলঙত উপস্থিত প্ৰধানমন্ত্ৰী মোডী। ডিমাপুৰৰ পৰা পোনে পোনে প্ৰধানমন্ত্ৰী ৰাওনা হৈছে কাৰ্বিআংলঙলৈ। মোডীয়ে কাৰ্বিআলংঙৰ ওমপনাইত নিৰ্মাণ হ’বলগীয়া আদৰ্শ চৰকাৰী মহাবিদ্যালয়ৰ শিলন্যাস কৰিব।
জিলাখনত ৫০০ কোটিৰো অধিক ধন ব্যয়ৰে নিৰ্মাণ কৰা হ’ব কেইবাখনো শৈক্ষিক প্ৰতিষ্ঠান। অমৃত সৰোবৰৰো শিলন্যাস কৰিব মোডীয়ে। বিহু, কাৰ্বি নৃত্যকে ধৰি বিভিন্ন জনগোষ্ঠীয় নৃত্যৰে কাৰ্বিআংলঙৰ জনতাই আদৰণি জনাইছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক।