বিগত কেইটামান দিনত দেশত সৰৱ চৰ্চা হৈ আছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক অৱস্থা। কাৰণ, যি কোনো মুহূৰ্ততে মহাৰাষ্ট্র চৰকাৰৰ পতন ঘটিব পাৰে। এই বিপদৰ উমান পাই ইতিমধ্যে চৰকাৰী বাসভৱন ত্যাগ কৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে।
মহাৰাষ্ট্রৰ ৰাজনৈতিক সংকটৰ অভিকেন্দ্র হৈ পৰিছে গুৱাহাটী। গুৱাহাটীত বিজেপিৰ আতিথ্যত শক্তি বঢ়াইছে বিসম্বাদী নেতা একনাথ সিন্দেই। উল্লেখ্য যে, বুধবাৰে একনাথ সিন্ধে একাংশ মন্ত্ৰী বিধায়কৰ লগত আহি উপস্থিত হয় গুৱাহাটীত। তাৰ পাছতেই নতুন মোৰ লয় মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে। সিন্ধেই উল্লেখ কৰা মতে তেওঁলোকে হিন্দুত্ববাদক অনুসৰণ কৰিব।