বৃহস্পতিবাৰে গুৱাহাটীত প্ৰেছ ক্লাবত উত্তৰ গুৱাহাটীত সাংবাদিক সংস্থাৰ উদ্যোগত আৰু জ্ঞান-বিকাশ পুথিভৰালৰ দিহিং সত্ৰৰ সহযোগত প্ৰয়াত শিল্পী ভিতালী দাসৰ প্ৰথম মৃত্যু বাৰ্ষিকী অনুষ্ঠানত শিল্পী তৰালী শৰ্মালৈ শিল্পী ভিতালী দাস সোৱঁৰণি বঁটা প্ৰদান কৰে ।
এই অনুষ্ঠানত উপস্থিত থাকে বহু কেইজন বিশিষ্ট ব্যক্তি আৰু লগতে বহু সংখ্যক তেওঁৰ গুণ মুগ্ধ । শিল্পী ভিতালী দাসৰ জীয়ৰী কমলিকাৰ গীত পৰিৱেশনত শোকত ভাঙি পৰে উপস্থিত থকা গুণ মুগ্ধ সকল ।
বঁটা লাভ কৰা পাছত শিল্পী তৰালী শৰ্মাই কয় যে এই সন্মান লোৱাৰ পাছত মোৰ দায়িত্ব আৰু দুগুনে বাঢ়িল বিহুগীতৰ আৰু বেছিকৈ চৰ্চা কৰিম বুলি কথা দিয়ে আৰু উদ্যোগতা সকলক এনে প্ৰয়াস প্ৰচেষ্টাৰ বাবে শলাগ লয়।
২০২১ চনৰ এপ্ৰিল মাহৰ ২১ তাৰিখৰ দিনটো সমগ্ৰ অসমৰ বাবে এটা অতি শোকৰ দিন । যোৱবাৰ বিহুৰ এই বতৰতেই জানমনি অঞ্জনাকে ধৰি অসমৰ জনপ্ৰিয় বিহুগীতসমূহৰ সুকণ্ঠী গায়িকা ভিতালী দাসৰ মৃত্যু হৈছিল । ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল শিল্পী গৰাকীৰ ।