‘উচ্চশিক্ষিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নহাসকল দায়িত্বশীল নাগৰিক নহয় ৷ তেওঁলোক প্ৰকৃততে দেশদ্ৰোহীহে’’ শুকুৰবাৰে পুৱা বাঘৰবৰী এল পি স্কুলত গুৱাহাটী পৌৰ নিৰ্বাচনৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে ৷ ভোটাধিকাৰ সাব্যস্ত নকৰি দেশৰ বাবে চিন্তা নকৰা একাংশ নিৰাশাবাদী বুদ্ধিজীৱিকো চোকা ভাষাৰে সমালোচনা কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে ৷