বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ মুনীন্দ্ৰ শৰ্মাৰ পুত্ৰ সঞ্জীৱ শৰ্মাই সংযুক্ত মুক্তি বাহিনী অসম(স্বা) ৰ বিৰুদ্ধে অসম আৰক্ষী আৰু ভাৰতীয় দখলদাৰী বাহিনীৰ গুপ্তচৰ হিচাপে কাম কৰিছিল ৷ এই তথ্য ৷ আলফা(স্বা) প্ৰচাৰ বিভাগৰ ফালৰ পৰাও স্পষ্ট কৰি দিছে
আনকি সংযুক্ত মুক্তি বাহিনী অসম(স্বা)ৰ ফালৰ পৰা সঞ্জীৱ শৰ্মাৰ এক ভিডিঅ’ বাৰ্তাও প্ৰেৰণ কৰা হৈছে ৷ য’ত সকলো কথা নিজেই স্পষ্ট ৰূপত দাঙি ধৰিছে সঞ্জীৱ শৰ্মাই ৷ উল্লেখ্য যে,যি সময়ত চৰকাৰৰে সংযুক্ত মুক্তি বাহিনীৰ সৈতে আলোচনা চলি আছে, তেনে সময়তে নতুনকৈ যুৱকসকল আলফালৈ আগমনে ৰহস্যৰ সৃষ্টি কৰিছে ।
বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ মুনীন্দ্ৰ শৰ্মাৰ পুত্ৰ সঞ্জীৱ শৰ্মাও আলফালৈ গমন কৰা বাতৰিয়েও এতিয়া তোলপাৰ লগাইছে বাইহাটা চাৰিআলি অঞ্চলত । নিজ ঘৰৰ পৰা এবছৰ আগতে সঞ্জীৱ ওলাই গৈছিল গুৱাহাটীৰ কামাখ্যালৈ । সেই ওলাই যোৱাৰ পিচৰে পৰা পৰিয়ালৰ সৈতে সঞ্জীৱৰ কোনো ধৰনৰ যোগাযোগ নাছিল ।
বিগত মাঘ বিহুৰ পিচত কিছু সময়ৰ বাবে ঘৰলৈ আহি লগে লগে গুছি গৈছিল সঞ্জীৱ । তেতিয়াৰে পৰা সঞ্জীৱৰ কোনো ধৰণৰ যোগাযোগ নাই পৰিয়ালৰ লগত । যদিহে সঞ্জীৱ সঁচাকৈয়ে আলফালৈ গৈছে, তেন্তে পুনৰ ঘৰলৈ ঘূৰি অহাৰ আহ্বান জনাইছে সঞ্জীৱৰ মাতৃয়ে । আনকি সংবাদ মাধ্যমৰ জৰিয়তে সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰাই পঠিয়াবলৈ অনুৰোধ জনাইছে সঞ্জীৱৰ মাতৃয়ে ।