নিউজ ডেস্কঃ অসম বিধানসভাৰ শীতকালীন অধিৱেশৰ দ্বিতীয় দিনা অৰ্থাৎ মঙলবাৰে সদনত হূলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰা মৰিয়নী সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বুধবাৰে ক্ষমা খোজে অধ্যক্ষৰ ওচৰত। মঙলবাৰে সদনৰ প্ৰশ্নোত্তৰ কালত পইণ্ট অৱ অৰ্ডাৰ আনি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছতে বিধায়ক ৰূপজ্যোতি কুৰ্মীক অধ্যক্ষৰ নিৰ্দেশ অনুসৰি এদিনৰ বাবে সদনৰ পৰা বহিস্কাৰ কৰা হৈছিল।
ইফালে ৰূপজ্যোতি কুৰ্মীয়ে বিধানসভাৰ পৰা ওলাই আহিও সংবাদ মাধ্যমৰ সন্মুখত অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে পক্ষপাতিত্বমূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ পিছতে বিজেপি বিধায়ক পদ্ম হাজৰিকা, চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি ভালে কেইজন বিধায়কে ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খোজাৰ দাবী জনায়।
আনহাতে ৰূপজ্যোতি কুৰ্মীৰ এনে আচৰণৰ পিছতে বিৰোধী দলপতি বেদব্ৰত শইকীয়াই অধ্যক্ষৰ ওচৰত ক্ষমা বিচাৰি বিষয়টো ইমানতে নিষ্পত্তি কৰিবলৈ অনুৰোধ জনায়। এই সন্দৰ্ভত অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে কয়- ‘ৰূপজ্যোতিক মই ভাইৰ দৰে মানো৷ আমি একে জিলাৰ৷ কিন্তু ৰূপজ্যোতিয়ে নিজে কথাবোৰ বুজিবলৈ চেষ্টা কৰক৷ ক’ত কি ক’ব লাগে সেয়া বুজক, নিজক নিয়ন্ত্ৰণ কৰক৷ সদনৰ মৰ্যাদা ৰক্ষা কৰিব লাগে৷ ৰূপজ্যোতিয়ে নিজৰ বিবেকক সোধক এবাৰ৷ কি কৰিব লাগে নালাগে, বুজি কৰক৷ আমি জোৰ কৰি তেওঁক একো কৰাই লাভ নাই৷ তেওঁ নিজে বিবেচনা কৰক৷ ৰূপজ্যোতি কুৰ্মীয়ে কি ক’ব এটা বাক্যত কওক যে তেওঁ মোৰ বিৰুদ্ধে ব্যক্তিগত মন্তব্য কৰি অনুশোচনাত দগ্ধ হৈছে নে নাই৷’
ইয়াৰ পিছতে বিধানসভাত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মঙলবাৰৰ আচৰণৰ বাবে ক্ষমা বিচাৰে। তেওঁ কয়, ‘অধ্যক্ষ মহোদয়, আপুনি আমাৰ অভিভাৱক৷ আমি বিৰোধী হিচাপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব লাগিব৷ গাঁৱৰ মানুহে পিঁয়াজ নোখোৱা বুলি মন্তব্য কৰা মানুহে ক’লে বুলিয়েই মই কিন্তু একো নকওঁ৷ মই আপোনাক সন্মান কৰো৷ সেৱা কৰো৷ আপুনি উকিল আছিল, মই সৰুৰে পৰা সেৱা কৰি আহিছো আপোনাক৷ কালি ৰাজনৈতিকভাৱে কৰা মন্তব্যৰ বাবে মই ক্ষমা বিচাৰিছো৷’