চলিত বৰ্ষৰ জুলাইলৈকে কাৰ্যকৰী নহয় নাগৰিকত্ব সংশোধনী আইনৰ বিধি ।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক বিধি প্ৰস্তুতৰ ডেডলাইন সংসদীয় কমিটিৰ ।
৯ জুলাইত ডেডলাইন ৰাজ্য়সভাৰ সংসদীয় কমিটিৰ আৰু লোকসভাৰ সংসদীয় কমিটিয়ে দিলে ৯ এপ্ৰিলৰ সময়সীমা ।
নিৰ্দিষ্ট সময়ৰ ভিতৰত বিধিসমূহ প্ৰস্তুত কৰি কমিটি দুখনক জমা দিব লাগিব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ।
কমিটিয়ে অনুমোদন জনোৱাৰ পিছতহে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কাৰ্যকৰী কৰিব পাৰিব নাগৰিকত্ব সংশোধনী আইনৰ বিধি ।
২০১৯ চনৰ ১২ ডিচেম্বৰত সংশোধিত নাগৰিকত্ব আইন সম্পৰ্কীয় যাৱতীয় নিৰ্দেশনা জাৰি কৰা হৈছিল আৰু ২০২০ চনৰ ১০ জানুৱাৰীৰ পৰা এই আইন বলৱৎ কৰা হৈছিল ।
ইয়াৰ বিধিসমূহ প্ৰস্তুত কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে ।
লোকসভা আৰু ৰাজ্যসভাৰ ছাবঅৰ্ডিনেট লেজিছলেচন কমিটিয়ে এই বিধি প্ৰস্তুতৰ বাবে ৯ জুলাই পৰ্যন্ত সময়সীমা আগবঢ়াইছে ।
উল্লেখ্য, যিকোনো আইনৰ সংশোধন সম্পৰ্কীয় বিধেয়ক সংসদত গৃহীত হোৱাৰ ছমাহৰ ভিতৰত সংশ্লিষ্ট মন্ত্ৰালয়ে উক্ত আইনৰ বিধি প্ৰস্তুত কৰি ইয়াক সংসদৰ ছাবঅৰ্ডিনেট লেজিছলেচন কমিটিৰ ওচৰত দাখিল কৰিব লাগে ।
কিন্তু ‘কা’ ৰ ক্ষেত্ৰত সময় উকলি গৈছিল যদিও কমিটিয়ে অতিৰিক্ত সময় প্ৰদান কৰাৰ কথা কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীয়ে জানিবলৈ দিয়ে ।