বলীউদৰ কুইনখ্যাত অভিনেত্ৰী কংগনা ৰানাৱট সম্প্ৰতি সমগ্ৰ ভাৰতৰে বিতৰ্কিত কুইন বুলিও কিছু সংখ্যকে ক’ব খোজে ৷
প্ৰতিদিনে যিকোনো বিষয়তে মাত মাতি অভিনেত্ৰীগৰাকীয়ে বিতৰ্কত সোমাই আহিছে৷
এইবাৰ টুইটাৰত তিনি কৃষি আইনৰ বিৰুদ্ধে দেশৰ ৰাজধানীত আন্দোলন কৰি থকা আন্দোলনকাৰী কৃষকক সমালোচনমূলক টুইত কৰি পুনৰ বিতৰ্কত সোমাই পৰিছে অভিনেত্ৰীগৰাকীয়ে ৷
No one is talking about it because they are not farmers they are terrorists who are trying to divide India, so that China can take over our vulnerable broken nation and make it a Chinese colony much like USA…
Sit down you fool, we are not selling our nation like you dummies. https://t.co/2wQH3f2v0J— Kangana Ranaut (@KangnaRanaut___) February 2, 2021
উল্লেখ্য, কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন জনাই আন্তৰ্জাতিক প’প ষ্টাৰ ৰিহানাই মঙলবাৰে টুইট কৰিছিল ।
লগতে প’প ষ্টাৰগৰাকীয়ে কৃষক আন্দোলন হৈ থকা অঞ্চলসমূহত ইন্টাৰনেট কৰ্তন কৰা সন্দৰ্ভতো সমালোচনা কৰে ৷
why aren’t we talking about this?! #FarmersProtest https://t.co/obmIlXhK9S
— Rihanna (@rihanna) February 2, 2021
বলীউদৰ অভিনেত্ৰী কংগনা ৰানাৱটে ৰিহানাৰ টুইটক সমালোচনা কৰি টুইটাৰত লিখে যে এই সম্পৰ্কে কোনো আলোচনা কৰা নাই কাৰণ তেওঁলোক কৃষক নহয়, তেওঁলোক সন্ত্ৰাসবাদীহে ৷
এওঁলোকে ভাৰতবৰ্ষক বিভাজন আনিবলৈ চেষ্টা কৰি আহিছে ৷
যাতে চীনে এই বিভক্ত দেশৰ সুবিধা গ্ৰহণ কৰিব পাৰে আৰু লগতে চীনৰ এটা কলনী কৰিব বিচাৰিছে ৷
ৰিহানা আৰু কংগনা ৰানাৱটে কৰা এই মন্তব্যই সামাজিক মাধ্যমত বিশেষ খলকনিৰ সৃষ্টি কৰিছে ৷