মহাৰাষ্ট্ৰৰ থানেত কো-অপৰেটিভ বেংকত ২ কোটি টকাৰ নকল সোণ লোন কেলেংকাৰীৰ ঘটনা সংঘটিত হৈছে।
এই কেলেংকাৰী স্বামী-স্ত্ৰীসহ বেংক মেনেজাৰ আৰু গ’ল্ড ভেলুৱাৰে মিলি এই ঘটনাটো সংঘটিত কৰে।
ঘটনাটো পোহৰলৈ অহাৰ পিছত আৰক্ষীয়ে অভিযুক্তক আটক কৰিবলৈ চেষ্টা চলাই আছিল।
কিছুদিন পূৰ্বে আৰক্ষীয়ে জানিবলৈ পাই যে, অভিযুক্ত স্বামী আৰু স্ত্ৰী নিজৰ গাঁৱলৈ ৰাওনা হৈছে।
খবৰ পোৱা মাত্ৰকেই আৰক্ষীয়ে ঘেৰাও কৰি অভিযুক্ত দম্পতীক আটক কৰে।
মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ মোখাৰা আৰক্ষীয়ে অভিযুক্ত হেমন্ত উদাবন্ত আৰু তেওঁৰ পত্নী ২০১৬ৰ পৰা পলাতক আছিল।
স্বামী-স্ত্ৰীদ্বয়ে ২০১৬ত থানে জিলাৰ কো-অপেৰেটিভ বেংকৰ পৰা নকল গ’ল্ড লোন লৈছিল।
অভিযুক্তই বেংকত নিজৰ পত্নী আৰু পৰিয়ালৰ অন্য সদস্য, ড্ৰাইভাৰ, কৰ্মচাৰী তথা সম্বন্ধীয় লোকৰ নামত বেংকত কেইবাটাও একাউণ্ট খুলিছিল।
ইয়াৰ পিছত বেংক মেনেজাৰসহ বেংক ভেলুৱাৰ আৰু অন্য ষ্টাফৰ সৈতে মিলি এই কেলেংকাৰীৰ ঘটনা সংঘটিত কৰিছিল।
এই একাউণ্টসমূহৰ জৰিয়তে নকল সোণ বন্ধকত থোৱাৰ সময়ত বেংকৰ গ’ল্ড ভেলুৱাৰে সেই নকল সোণখিনি আচল সোণ বুলি প্রত্যয়িত কৰিছিল।
এইধৰণে বেংক মেনেজাৰৰ ফালৰ পৰা উদাবন্ত আৰু তেওঁৰ সম্বন্ধীয় লোকক কেইবাবাৰো লোণ প্ৰদান কৰিছিল।
২০১৬ বৰ্ষত এজন Whistle Blowerৰ কাৰণে এই কেলেংকাৰী পোহৰলৈ আহে।
সেই সময়ত বেংক মেনেজাৰ, বেংকৰ ছিকিউৰিটী ষ্টাফ আৰু ভেলুৱাৰসহ কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছিল, কিন্তু অভিযুক্ত স্বামী-স্ত্ৰীক আটক কৰিবলৈ সক্ষম হোৱা নাছিল।
ইয়াৰ পিছতে আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰিছিল।
চলিত সপ্তাহৰ আৰম্ভণিতে আৰক্ষীয়ে স্বামী-স্ত্ৰীদ্বয়ক আটক কৰিবলৈ সক্ষম হয়।
Photo: Google