শুকুৰবাৰে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত ৫জন লোকে লোকভৱনৰ সন্মুখত আত্মজাহৰ চেষ্টা চলায়।
৩ গৰাকী মহিলা আৰু ২জন পুৰুষে নিজকে জ্বলোৱাৰ চেষ্টা চলাই, কিন্তু সময় থাকোতে তাত উপস্থিত থকা আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰে।
উল্লেখ্য, আত্মজাহৰ চেষ্টা চলোৱা পৰিয়ালটো হৰদোইৰ বাসিন্দা, তেওঁলোকে লোকভৱনৰ সন্মুখত নিজৰ দেহত পেট্ৰ’ল ঢালি নিজকে জ্বলাৱোৰ প্ৰস্তুতি চলাই আছিল।
ভুক্তভোগী পৰিয়ালে কোৱা অনুসৰি হৰদোইত থকা তেওঁলোকৰ ঘৰটো কোনো লোকে দখল কৰিছে,
যাৰ বাবে তেওঁলোকে অশান্তিত ভুগিছে। আৰু ইয়াৰ বাবে তেওঁলোকে আত্মজাহৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে এজন লোকে উত্তৰ প্ৰদেশৰ বিধানভৱনৰ সন্মুখত নিজকে আত্মজাহ কৰিছিল।
ভূমি বিবাদৰ বাবে কাৰণে নিজৰ দেহত লগাইছিল জুই।
Photo: Google