প্ৰেছ বিজ্ঞপ্তিত জগদীশ ভূঞাৰ বক্তব্যৰ শেষৰ ফালে ‘এনে ধৰণৰ জনবিৰোধী কাৰ্যত ৰাজ্যৰ জনতা অতিষ্ঠ হৈছে আৰু পৰিৱৰ্তন বিচাৰি এইবাৰ বিজেপিক বিদায় দিয়াৰ সংকল্প গ্ৰহণ কৰিছে” বুলি লিখা হৈছিল।
আচলতে ‘পৰিৱৰ্তন’ শব্দটো হ’ব লাগিছিল ‘পৰিত্ৰাণ’৷
সম্পূৰ্ণ বাক্যটো হ’ব লাগিছিল- ‘এনে ধৰণৰ জনবিৰোধী কাৰ্যত ৰাজ্যৰ জনতা অতিষ্ঠ হৈছে আৰু পৰিত্ৰাণ বিচাৰি এইবাৰ বিজেপিক বিদায় দিয়াৰ সংকল্প গ্ৰহণ কৰিছে।’
পূৰ্বৰ প্ৰেছ বিজ্ঞপ্তি- অসমবাসী ৰাইজৰ আৱেগ বিজড়িত হৈ থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামাঙ্কিত বৰঝাৰৰ বিমান বন্দৰটো পুঁজিপতি গোষ্ঠীৰ হাতত গতাই দিয়াৰ প্ৰতিবাদত তথা বিমানবন্দৰ পৰিচালনাৰ কৰ্তৃত্ব উভতাই অনাৰ দাবীৰে আজি অসম জাতীয় পৰিষদে বিমানবন্দৰৰ সন্মুখত এক সবল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷
ৰাজহুৱা ধনেৰে বিমানবন্দৰটো আটকধুনীয়াকৈ সজাই পৰাই উন্নত কৰি তোলাৰ পিছত সেয়া ব্যক্তিগত খণ্ডক গতাই দিয়াৰ প্ৰতিবাদত সহস্ৰাধিক দলীয় কৰ্মীয়ে বিমানবন্দৰ চৌহত উত্তাল কৰি তোলে ৷
দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত তথা অন্যান্য বিষষববীয়াসকলৰ উপস্থিতিত জাতীয় পৰিষদৰ ভাতৃ আৰু ভগ্নী সংগঠন জাতীয় যুৱ শক্তি আৰু জাতীয় মহিলা শক্তিৰ কৰ্মকৰ্তা আৰু বিষয়ববীয়াই মোদী চৰকাৰৰ এনে ধৰণৰ জনবিৰোধী কাৰ্যক তীব্র সমালোচনা কৰে আৰু গৰিহণা দিয়ে।
লগতে কেন্দ্ৰই উক্ত সিদ্ধান্তৰ বিৰোধিতা নকৰা বাবে অসম চৰকাৰ আৰু শাসনাধিষ্ঠিত বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহকো প্ৰতিবাদকাৰীসকলে ধিক্কাৰ দিয়ে ৷
আদানি গ্ৰুপক বিমানবন্দৰ গতাই দিয়া কাৰ্যৰ তীব্র বিৰোধিতা কৰি বিমানবন্দৰৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক ৰমেশ কুমাৰক এখন স্মাৰক পত্ৰ প্ৰদান কৰি দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই তেখেতক স্পষ্ট ভাষাৰে কয় যে ৰাজ্যৰ সম্পদ বহিৰাগত বনিয়াক গতাই দিয়া কাৰ্য অসমৰ ৰাইজে কেতিয়াও মানি নলয়।
ৰাইজৰ ধনেৰে নিৰ্মিত বিমানবন্দৰটো বনিয়াক গতাই দিয়াৰ কোনো অধিকাৰ চৰকাৰৰ নাই।
গতিকে উৰ্ধতন কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি বিমানবন্দৰ হস্তান্তৰ প্ৰক্ৰিয়াটো শীঘ্রে বাতিল কৰিবলৈয়ো তেওঁ আঞ্চলিক কাৰ্যবাহী সঞ্চালকগৰাকীক দাবী জনায়।
এই সম্পর্কে এক চমু ভাষণ প্ৰদান কৰি দলৰ সাধাৰণ সম্পাদক ভূঞাই কয় যে-
‘পৰিৱৰ্তন, উন্নয়ন, লোকেল ফৰ ভকেলৰ কথা কৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যৰ ইপদৰ পিছত সিপদকৈ ৰাজহুৱা সম্পদ ব্যক্তিগত খণ্ড, বহিৰাগতক গতাই দিছে।
এইক্ষেত্ৰত জাতীয় নায়ক খ্যাত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ ভূমিকা অতি লজ্জাজনক।
অসম তথা উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষী আখ্যা দি এতিয়া সম্পদ লুণ্ঠনত উঠিপৰি লাগিছে মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ।
এনেধৰণৰ জনবিৰোধী কাৰ্যত ৰাজ্যৰ জনতা অতিষ্ঠ হৈ পৰিছে আৰু পৰিবৰ্তন বিচাৰি এইবাৰ বিজেপিক বিদায় দিয়াৰ সংকল্প গ্ৰহণ কৰিছে।”
Photo: Google