কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আকস্মিক অসম ভ্ৰমণ তথা চিৰাং ভ্ৰমণ কাৰ্যসূচীয়ে চৰ্চা লাভ কৰিছে ৰাজ্যৰ ৰাজনৈতিক মহলত ।
গ্রেটাৰ কোচবিহাৰ এছ’চিয়েচনৰ প্রতিষ্ঠাপক অনন্ত ৰায়ৰ সৈতে বৃহস্পতিবাৰে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় অমিত শ্বাহ ।
ছাতিপুৰ গাঁৱৰ অনন্ত ৰায়ৰ গৃহত আজি উপস্থিত হয় অমিত শ্বাহ ।
আগন্তুক বিধানসভা নির্বাচনত পশ্চিমবংগত মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্রেছক ওফৰাই পেলাবলৈ বিজেপিৰ বহু ৰথী-মহাৰথীয়ে ইতিমধ্যে নির্বাচনী প্রচাৰত নামি পৰিছে।
সেই অনুসৰি অমিত শ্বাহৰ ১১ ফেব্ৰুৱাৰীৰ আকস্মিক অসম ভ্ৰমণে অসমৰ ৰাজনীতিৰ বিপৰীতে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ নির্বাচনী ৰণকৌশলে অধিক গুৰুত্ব লাভ কৰিব বুলি অনুমান কৰা হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ বিশেষ তৎপৰ হৈ পৰিছে চিৰাং জিলা প্ৰশাসন ।
কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে অঞ্চলটোত ।
অমিত শ্বাহৰ আকস্মিক অসম তথা চিৰাং ভ্রমণৰ সময়ছোৱাত নিৰাপত্তাৰ দিশটো নিশ্চিত কৰিবলৈ অনন্ত ৰায়ৰ ঘৰত উপস্থিত হয় দিল্লীৰ পৰা এছ পি জিৰ এটা বিশেষ দল।
এছ পি জি দলটোৰ লগত থাকে চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং আৰু উপ-আৰক্ষী অধীক্ষক প্রতাপ দাস ।
অনন্ত ৰায়ৰ গৃহত উপায়ুক্ত গৌতম তালুকদাৰ উপস্থিত হৈ নিৰাপত্তাৰ দিশটোৰ বুজ লয় আৰু ঘৰৰ চৌহদটো সজাই-পৰাই তোলাৰ ব্যৱস্থা কৰে ।
কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ ধর্মীয় গুৰু তথা গ্রেটাৰ কোচবিহাৰ এছ’চিয়েচনৰ অন্যতম প্রতিষ্ঠাপক অনন্ত ৰায় ।
উল্লেখযোগ্য যে গ্রেটাৰ কোচবিহাৰ এছ’চিয়েচনৰ সদস্যসকলে পালন কৰা শিৱ চণ্ডী নামৰ ধৰ্মটোৰ ধৰ্মীয় গুৰু অনন্ত ৰায় ।
গ্রেটাৰ কোচবিহাৰ এছ’চিয়েচন নামৰ সংগঠনটোৰ প্রতিষ্ঠাপক হিচাপে পশ্চিমবংগৰ সাতখন জিলাত যথেষ্ট প্রভাৱ আছে ৰায়ৰ ৷
বর্তমান সময়ত সাতখন জিলাৰ প্ৰায় ৮ লক্ষাধিক অনুগামী আছে অনন্ত ৰায়ৰ ।