এন আৰ চি অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এতিয়া সম্পূৰ্ণ ৰাজনীতিৰ মেৰপেচত সোমাই পৰিছে ৷
কলকাতাৰ এখন জনসভাত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কয় যে কৰ’না ভাইৰাছৰ বিৰুদ্ধে ভেকচিন দিয়া প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছতেই দেশত নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰা হ’ব।
লগতে বিৰোধী দলসমূহক আইন খনৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হোৱা বুলি কটূ সমালোচনা কৰে।
ইয়াৰোপৰি শ্বাহে আশ্বাস দিয়ে যে এই সংশোধিত আইনখনে ভাৰতীয় মূলৰ ৰ্ধমীয় সংখ্যালঘু সম্প্ৰদায়সমূহৰ কোনোধৰণৰ ক্ষতি সাধন নকৰে ৷ দেশৰ শাসকগোষ্ঠী দৌৰিছে ভোট বেংকক লৈ ৷
আনহাতে বিৰোধী ৰাজনৈতিক দলসমূহে পূৰ্বৰে পৰা জনতাক অৱগত কৰাই আহিছে যে এই অনুপ্ৰৱেশকাৰীসকল খিলঞ্জীয়াৰ বাবে ভাবুকি স্বৰূপ ৷
এই সন্দৰ্ভত ইণ্ডিয়া টুডে কনক্লেভ’ত প্ৰাক্তন মুখ্য ন্যায়াধীশেৰে মত বিনিময়ত ৰঞ্জন গগৈও এইদৰে কয় যে এন আৰ চি ৰাজনীতিকৰ মাজৰ এক ডাঙৰ খেল ৷
কংগ্ৰেছ নাইবা বিজেপিয়ে কোনেও এন আৰ চি নিবিচাৰে ৷
আদালতে যিখিনি কৰিব পাৰে , সেইখিনি কৰিছে ৷
এন আৰ চি এক ভিজন ডকুমেন্ট, ভৱিষ্যতৰ বাবে এই ডকুমেন্ট ৷
উল্লেখ্য, আজি ৫০ বছৰে অসমত ইয়াক লৈ এখন শীতল ৰাজনীতি চলি আহিছে ৷
নাগৰিকত্ব সংশোধনী আইন অসমবাসীৰ মাজত যি ধুমূহা সৃষ্টি কৰিছিল সেয়া শাসকগোষ্ঠীৰ জ্ঞাত ৷
ইয়াৰ পিছতো অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নিৰ্বাচনৰ পিছতেই এন আৰ চি কাৰ্যকৰী হ’ব বুলিও মন্তব্য কৰিছে ৷
বিধানসভাৰ নিৰ্বাচনত জনসাধাৰণৰ ভোটে নিৰ্ধাৰন কৰিব প্ৰকৃততে জনতাই এন আৰ চি বিচাৰে নে নিবিচাৰে ?