এইবাৰ অসমীয়াৰ স্বাভিমান গামোচাক অসন্মান কৰাৰ বাবে AIUDFৰ নেতা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তেজপুৰ থানাত গোচৰ ৰুজু কৰিলে ঐতিহ্য সুৰক্ষা সমিতিয়ে।
নতুনকৈ সম্পচাৰিত হোৱা এটা ভিডিঅ’ত বদৰুদ্দিন আজমলক এক নিৰ্বাচনী সভাত অসমীয়াৰ স্বাভিমান গামোচাক অসন্মান কৰি দলিয়াই দিয়া দেখা গৈছিল।
তাৰ পিছতে অসমৰ ৰাইজে তীব্ৰ গৰিহণা দিছে নেতা বদৰুদ্দিন আজমলক।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে অতি শীঘ্ৰে আজমল আৰু এই সম্পৰ্কত জড়িত ব্যক্তিসমুহৰ উচিত তদন্ত হ’ব লাগে।
Photo credit:Google