দীৰ্ঘকালীন অসুস্থতাৰ অন্তত, প্ৰবীণ অভিনেতা দিলীপ কুমাৰৰ মুম্বাইত দেহাৱসান ঘটে। তেওঁৰ মৃত্যুৰ পিছতে এটি ভিডিঅ’ ক্লিপিঙ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।ভাইৰেল ভিডিঅ’টোত অভিনেতাগৰাকীক হাস্পতালৰ এখন বিছনাত বহি থকা অৱস্থাত পত্নী চাইৰা বানুৱে খাদ্য খুৱাই দি থকা দেখা গৈছে।
Headline8 য়ে ভিডিঅ’টোৰ এটি Fact Check সম্পন্ন কৰে।
দাবী: ফেচবুক পৃষ্ঠা Telly Tashan য়ে ৭ জুলাইত এটি ভিডিঅ’ শ্বেয়াৰ কৰে আৰু দাবী কৰে যে হাস্পতালৰ ভিতৰত দিলীপ কুমাৰৰ অন্তিম ভিডিঅ’। পোষ্টটোত লিখা হয়- –
“ আমাক সকলোকে এৰি যোৱাৰ পূৰ্বে হাস্পতালৰ ভিতৰত দিলীপ কুমাৰৰ অন্তিম ভিডিঅ’” ।
অন্য এক ইউ টিউব পৃষ্ঠা Bol Bollywood য়েও কিম্বদন্তী অভিনেতা গৰাকীক চাইৰা বানুৱে খাদ্য খুৱাই দি থকা অৱস্থাৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখে- –
“আমাক সকলোকে এৰি যোৱাৰ পূৰ্বে হাস্পতালৰ ভিতৰত দিলীপ কুমাৰৰ অন্তিম ভিডিঅ’। চাইৰা বানু মহোদয়াই তেওঁক খাদ্য খুৱাই দি আছে।”
অন্য এটা ফেচবুক পৃষ্ঠা Maharashtra Bhushan য়েও ভিডিঅ’টো আপলোড কৰে।
ইয়াত আপোনালোকে Bol Bollywood ৰ পোষ্টটো চাব পাৰিব।
অনুসন্ধান:
পিছে Headline8 ৰ Fact Checking ত পোৱা গৈছে অন্য কিছু কথাহে। সেইসমূহ এনেধৰণৰ:
Headline8 য়ে ভাইৰেল ভিডিঅ’টোৰ এক Reverse Google Image Search কৰে।অনুসন্ধানৰ অন্তত আমি আৱিস্কাৰ কৰো যে ভাইৰেল হোৱা ভিডিঅ’টো সঁচাকৈয়ে অভিনেতাগৰাকীৰে হয়। কিন্তু ভিডিঅ’টো বহু দিন পূৰ্বৰ অৰ্থাৎ সেয়া দিলীপ কুমাৰৰ অন্তিম সময়ৰ ভিডিঅ’ নহয়। ভিডিঅ’টো আপলোড কৰা হৈছিল ২০১৩ চনতেই। মূল ভিডিঅ’টো আপলোড কৰা হৈছিল ২০১৩ চনৰ ২২ চেপ্টেম্বৰত।সেইসময়ত অভিনেতাগৰাকী হাৰ্ট এটেকৰ হেতুকে লীলাৱতী হাস্পতালত চিকিৎসাধীন হৈ আছিল আৰু তেওঁ ক্ৰমাৎ সুস্থ হৈ আইছিল।এই মূল ভিডিঅ’টো আপলোড কৰা হৈছিল ইউ টিউব চেনেল MouthShut ত।
ইয়াৰোপৰি আমি দিলীপ কুমাৰৰ অফিছিয়েল টুইটাৰ পেজটোও পৰীক্ষা কৰো। এই অফিচিয়েল টুইটাৰ হেণ্ডলতো এটি ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল ২২ চেপ্টেম্বৰ, ২০১৩ ত।
টুইটটোত তেওঁ লিখে-“আপোনালোকৰ প্ৰাৰ্থনা আৰু মৰমৰ বাবে ধন্যবাদ।চিকিৎসালয়ত বিশ্ৰাম লৈ আছো।ভিডিঅ’টো যোৱাকালিৰ”।
Thank you for your prayers and love. Resting in the hospital. Video from yesterday. http://t.co/YoofBJgObz
— Dilip Kumar (@TheDilipKumar) September 22, 2013
সৰ্বশেষত ওপৰোক্ত ফেচবুক আৰু ইউ টিউব পেজসমূহৰ প্ৰফাইল পৰীক্ষা কৰা হয়।
Bol Bollywood পেজত আপলোড কৰা দিলীপ কুমাৰৰ ভিডিঅ’টোত আছে ১.৪৪ মিলিয়ন ভিউজ।
ফেচবুক পেজ Telly Tashan ৰ আছে ১৩০,০০০ অনুসৰণকাৰী আৰু ১২১,০০০ লাইক।সংবাদ কোম্পানী Maharashtra Bhushan ৰ আছে ৩৫০০০ অনুসৰণকাৰী।
সামৰণি: পুংখানুপুংখ অনুসন্ধানৰ অন্তত জানিব পাৰে যে খ্যাতনামা অভিনেতাজনৰ নামত প্ৰচাৰিত ভিডিঅ’টো ভুৱা।
এয়া একাংশই দাবী কৰাৰ দৰে তেওঁৰ অন্তিম মুহুৰ্তৰ ভিডিঅ’ নহয়। এয়া এক অপপ্ৰচাৰ।