আজি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ক’ভিডৰ নতুন SOP ঘোষণা কৰে। ২৮ জুলাই পুৱা ৫ বজাৰ পৰা প্ৰযোজ্য হ’ব নতুন SOPৰ নীতি-নিৰ্দেশনা।
এই নতুন SOP অনুসৰি —
পূৰ্বতে সম্পূৰ্ণ কাৰ্ফিউ থকা ৫ খন জিলাৰ পৰিৱৰ্তে এতিয়াৰে পৰা দুখন জিলাত থাকিব সম্পূৰ্ণ কাৰ্ফিউ।
গোলাঘাট আৰু লখিমপুৰত ২৪ ঘণ্টাই বাহাল থাকিব সম্পূৰ্ণ কাৰ্ফিউ।
যোৰহাট, শোণিতপুৰ আৰু বিশ্বনাথত শিথিল কৰা হ’ল কাৰ্ফিউ।
যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, গোৱালপাৰা আৰু মৰিগাঁৱত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈকে থাকিব কাৰ্ফিউ।
পূৰ্বৰ দৰেই বন্ধ থাকিব আন্তঃজিলা যাতায়াত।
কামৰূপ মহানগৰত পূৰ্বৰ দৰে বিয়লি ৫ বজাৰ পৰা কাৰ্ফিউ থাকিব।
ৰাজহুৱা পৰিবহন ব্যৱস্থা বন্ধ থাকিব।
অন্যান্য নিৰ্দেশনাসমূহ পূৰ্বৰ দৰেই বাহাল থাকিব।