ইতিহাস ৰচিলে দুৱৰাছ বেকনে।এতিয়াৰ পৰা ৰাজ্যত প্ৰথমবাৰৰ বাবে মোবাইল ভেনৰ জৰিয়তে উপলব্ধ হ’ব গাহৰি মাংস।
৯ খন মোবাইল ভেনৰ যোগেদি গুৱাহাটীৰ বিভিন্ন ঠাইত স্বাস্থ্যসন্মত আৰু সতেজ গাহৰি মাংস বিক্ৰী কৰা হ’ব। মাংসৰ মূল্য সাধাৰণ বজাৰ মূল্যৰ দৰেই থাকিব।
আগন্তুক দিনত ৰাইজৰ পৰা সহাৰি পালে মহানগৰীৰ বাহিৰেও অন্যান্য জিলাসমূহতো এই মোবাইল ভেনসমূহৰ ব্যৱস্থা কৰিব দুৱৰাছ বেকনে। এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰা আৰু জি এম চি ৰ কমিশ্যনাৰ দেৱাশীষ শৰ্মা।
এই মোবাইল ভানসমূহক গুৱাহাটীবাসীয়ে আদৰি লব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।এই মাংস অন্য মাংসতকৈ সতেজ হ’ব বুলিও জানিবলৈ দিয়ে।