ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশৰ পাছতে কঠোৰ স্থিতি গ্রহণ কৰি যোৱা প্রায় ৪৮ ঘণ্টাত ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা ৬ শতাধিক দালালক গ্রেপ্তাৰ কৰে৷ ইফালে আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ আতংকত ৰাজ্যৰ প্রান্তে প্রান্তে লাটমণ্ডল পলায়ন কৰাৰ তথ্য আহিছে৷ আৰক্ষীয়ে আজিও অভিযান অব্যাহত ৰাখে৷
মুখ্যমন্ত্রী ড০ শর্মাই এই অভিযান অব্যাহত ৰখা হ’ব বুলি ঘোষণা কৰে৷ লক্ষণীয় যে যোৱা ২০ ছেপ্টেম্বৰৰ নিশাৰ পৰা ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে চলা অভিযানত এই পর্যন্ত ছয় শতাধিক দালাল আৰক্ষীৰ জালত পৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রায় সাতশ মাটিৰ দালালৰ তথ্য থকাৰ কথা কালিয়েই ঘোষণা কৰিছিল৷
কালি সন্ধিয়ালৈ ৰাজ্যৰ মুঠ ৩১খন জিলাত ৫২০জন দালালক গ্রেপ্তাৰ কৰা হৈছিল৷ কিন্তু এই অভিযান কালি নিশা আৰু আজি দিনৰ ভাগতো অব্যাহত ৰখা হয়৷ ইফালে আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ ভয়ত ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা মাটিৰ দালালিত জড়িত বহু লাটমণ্ডল পলায়ন কৰিছে৷ আৰক্ষীয়ে বিচাৰি যোৱা বহু মণ্ডল সম্প্রতি আত্মগোপন কৰাৰ তথ্য পোৱা গৈছে৷ ধুবুৰী ৰাজহ চক্র বিষয়াৰ কার্যালয়ত অভিযান চলোৱা আৰক্ষীয়ে কেইবাজনো মণ্ডলে আত্মগোপন কৰাৰ বাবে গ্রেপ্তাৰ কৰিব নোৱাৰি বিমুখ হোৱাৰ তথ্য পোৱা গৈছে৷
আনহাতে, আৰক্ষীয়ে কালি গ্রেপ্তাৰ কৰা দালালসকলক আজি জিলাই জিলাই আদালতত হাজিৰ কৰোৱা হয়৷ আদালতত হাজিৰ কৰি একাংশ দালালক আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ বিপৰীতে আন একাংশ দালালক আদালতে কাৰাগাৰলৈ নিক্ষেপ কৰে৷ লক্ষণীয় যে কেৱল গুৱাহাটী মহানগৰীতে কালিলৈকে গ্রেপ্তাৰ হোৱা ৩১টা মাটিৰ দালালক আজি আদালতত হাজিৰ কৰা হয়৷
আদালতে সকলো দালালকে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে৷ আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ পাছতে ২৩টা দালালক পাণবজাৰস্থিত আৰক্ষীৰ ক্রাইম ব্রান্সলৈ নি মাৰাথন জেৰা কৰা হয়৷ আনহাতে, বজালীৰ ১৭টা দালালক গুৱাহাটীলৈ আনি ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰা হয়৷ ধৃত দালালকেইটাৰ মাজত এজন চৰকাৰী শিক্ষকো থকাৰ বাবে সকলোকে বিশেষ আদালতত হাজিৰ কৰিবলগীয়া হয়৷ আদালতে ৭টা দালালক আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰাৰ বিপৰীতে আনকেইটাক কাৰাগাৰলৈ নিক্ষেপ কৰে৷